
Source-Google
৮ জানুৱাৰীত পালন কৰিব এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী
বিভিন্ন দাবীৰে অহা ৮ জানুৱাৰীত দেশজুৰি বেংকৰ লগতে কেন্দ্ৰীয় কৰ্মচাৰীৰো সাধাৰণ ধৰ্মঘটৰ আহ্বান কৰিছে। যাৰফলত বেংকৰ লেনদেনত প্ৰভাৱ পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। নিয়োগৰ নতুন ক্ষেত্ৰ মুকলি কৰা, শ্ৰম আইন সংশোধন বন্ধ কৰা আৰু চাকৰিৰ সুৰক্ষা সম্পৰ্কীয় দাবীসমূহ ধৰ্মঘটৰ জৰিয়তে উত্থাপন কৰা হ’ব বুলি জানিব পৰা হৈছে। ১০টা কেন্দ্ৰীয় কৰ্মচাৰী সংগঠনে এই ধৰ্মঘট কাৰ্যসূচীলৈ সমৰ্থন আগবঢ়াইছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|