টিভিৰ পৰ্দাত দেখিবলৈ পোৱা নাযাব কংগ্ৰেছ দলৰ মুখপাত্ৰক!

কংগ্ৰেছ হাইকামাণ্ডে দিছে কঠোৰ নিৰ্দেশ, TV Show ত ভাগ লব নোৱাৰিব দলৰ মুখপাত্ৰই!

news18assam
Updated:May 30, 2019, 1:47 PM IST
টিভিৰ পৰ্দাত দেখিবলৈ পোৱা নাযাব কংগ্ৰেছ দলৰ মুখপাত্ৰক!
কংগ্ৰেছ হাইকামাণ্ডে দিছে কঠোৰ নিৰ্দেশ, TV Show ত ভাগ লব নোৱাৰিব দলৰ মুখপাত্ৰই!
news18assam
Updated: May 30, 2019, 1:47 PM IST
লোকসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছত এতিয়া কংগ্ৰেছ দলৰ ভিতৰচঁৰাত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। কেনেকৈ দলটোৱে হেৰুৱা গৌৰব কিদৰে উদ্ধাৰ কৰিব পাৰে এতিয়া তাৰ চিন্তা চৰ্চাক ব্যস্ত কংগ্ৰেছ দল।

ৰাহুল গান্ধীয়ে দলৰ সভাপতি পদ ত্যাগ কৰিব বুলি চৰ্চা চলি থকা সময়তে এইবাৰ কংগ্ৰেছ দলৰ ভিতৰৰ পৰা আহিছে কঠোৰ নিৰ্দেশনা। দলৰ মুখপাত্ৰই আগন্তুক এমাহলৈ ভাগ লব নোৱাৰিব কোনো ধৰণৰ টেলিভিচনৰ লাইভ শ্ব’ত। কংগ্ৰেছ দলৰ মিডিয়া প্ৰভাৰী আৰু ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰণদীপ সিঙ সূৰজৱালাই দলৰ হৈ জাৰি কৰিছে এই নিৰ্দেশনা।



সূৰজৱালাই টুইট কৰি কয় যে কংগ্ৰেছ দলে এমাহলৈ কোনো ধৰণৰ মুখপাত্ৰক টেলিভিচন শ্ব’ত অংশগ্ৰহণ কৰিবলৈ অনুমতি নিদিয়ে। ফলস্বৰূপে টেলিভিচন চেনেলৰ সম্পাদক সকলে যাতে তেওঁলোকৰ চেনেলৰ শ্ব’ত কংগ্ৰেছ দলৰ প্ৰতিনিধিক এমাহলৈ আমন্ত্ৰণ নজনাই। কিন্তু কিয় দলৰ মুখপাত্ৰসকলৰ ওপৰত দলে এনে ধৰণৰ জাননী প্ৰেৰণ কৰিছে সেই সম্পৰ্কে মন্তব্য দিয়াৰ পৰা বিৰত থাকে কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাগৰকী।
আৰু চাওক পৰৱৰ্তী বাতৰি