‘নিজৰ ল’ৰাটো হেৰুৱাৰ দৰে লাগিছে’, সুশান্তৰ মৃত্যু মানি ল’ব পৰা নাই নানা পাটেকাৰে

News18 Assam | News18-Assam
Updated:June 29, 2020, 10:37 AM IST
‘নিজৰ ল’ৰাটো হেৰুৱাৰ দৰে লাগিছে’, সুশান্তৰ মৃত্যু মানি ল’ব পৰা নাই নানা পাটেকাৰে
মৰ্মাহত অভিনেতাজনে সুশান্তৰ পিতৃ আৰু পৰিয়ালক সাক্ষাৎ কৰে। 

মৰ্মাহত অভিনেতাজনে সুশান্তৰ পিতৃ আৰু পৰিয়ালক সাক্ষাৎ কৰে। 

  • Share this:
সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ এইবাৰ মুখ খুলিলে অভিনেতা নানা পাটেকাৰে। দেওবাৰে বিহাৰৰ ভোজপুৰৰ চিআৰপিএফৰ ৪৭ নম্বৰ বেটেলিয়নৰ কেম্পত উপস্থিত হৈছিল নানা পাটেকাৰ। তাতেই সুশান্তৰ মৃত্যুক লৈ তেওঁ শোক প্ৰকাশ কৰে। মৰ্মাহত নানা পাটেকাৰে কয়। 'সুশান্ত এজন অসাধাৰণ প্রতিভাৱান অভিনেতা আছিল । তেওঁৰ অভিনয়ৰ মাজতে সেই কথা ফুটি উঠিছিল। তেওঁ যে নাই মোৰ বিশ্বাসেই হোৱা নাই। মোৰ এনেকুৱা লাগিছে যেন মই মোৰ পুত্ৰক হেৰুৱালো। সুশান্তৰ দৰে ইমান কম বয়সীয়া ল’ৰাই আৰু ৩০বছৰ কাম কৰিব পাৰিলেহেতেন। এনে ল’ৰা বহুত কম দেখিবলৈ পোৱা যায়।'

ভোজপুৰত চিআৰপিএফ কেম্পত হৈ যথেষ্ট সময় কটায় নানা পাটেকাৰে। সেনা জোৱানৰ মনোবল বৃদ্ধি কৰাৰ চেষ্টা কৰে। লগতে সেনা জোৱানৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে অভিনেতাজনে। তেওঁ কয়, যিসকলৰ পৰিশ্ৰম কৰাৰ মানসিকতা, ইচ্ছা তথা দেশপ্ৰেম থাকে তেওঁলোকেই সেনাৰ ইউনিফৰ্ম পিন্ধাৰ সৌভাগ্য অৰ্জন কৰে।

সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত সৃষ্টি হোৱা বিতৰ্কৰ উত্তৰ প্ৰদান কৰি নানা পাটেকাৰে কয়, বহিৰাগত হ’লেই যে বলিউডত ঠাই নাপাব তেনে নহয়। নিজৰ উদাহৰণ দি নানাই কয়, তেওঁৰ দৰে চেহেৰা আৰু কথা কোৱাৰ ধৰণ লৈও বলিউডত তেওঁ থাকিল। মাজে মাজে বিৰক্ত হয়, খং উঠে কিন্তু তথাপিও বলিউডে তেওঁক গ্ৰহণ কৰিছে।

লগতে তেওঁ কয়, মই কোনো পাৰ্টি বা ফাংশ্যনত নাযাওঁ। মুখৰ ওপৰতে সঁচাটো কৈ দিও। বলিউডত দলবাজী আছে কিন্তু আপোনাৰ ওচৰত প্ৰতিভা থাকিলে নিজৰ ঠাই দখল কৰিব পাৰে। যিয়ে যি কৰে কৰি থাকক কিন্তু আপোনাৰ মাজত কিবা কৰাৰ ক্ষমতা থাকিলে সাফল্য আহিবই।

উল্লেখ্য যে, দেওবাৰে নানা পাটেকাৰে সুশান্ত সিঙৰ ঘৰত উপস্থিত হৈ তেওঁৰ পিতৃ কে কে সিঙকো সাক্ষাৎ কৰে। 
First published: June 29, 2020, 10:37 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading