• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ৰত্নাকৰ কেনেকৈ বাল্মীকি হ'ল? কোন এইগৰাকী আধুনিক যুগৰ বাল্মীকি?

ৰত্নাকৰ কেনেকৈ বাল্মীকি হ'ল? কোন এইগৰাকী আধুনিক যুগৰ বাল্মীকি?

এটা সময়ত গছ কাটি কাঠৰ ব্যৱসায় কৰা ব্যক্তি এজনে এতিয়া গঢ়িবলৈ লৈছে উদ্যান।

এটা সময়ত গছ কাটি কাঠৰ ব্যৱসায় কৰা ব্যক্তি এজনে এতিয়া গঢ়িবলৈ লৈছে উদ্যান।

এটা সময়ত গছ কাটি কাঠৰ ব্যৱসায় কৰা ব্যক্তি এজনে এতিয়া গঢ়িবলৈ লৈছে উদ্যান।

  • Share this:
এজন আধুনিক যুগৰ বাল্মীকি। এটা সময়ত গছ কাটি কাঠৰ ব্যৱসায় কৰা ব্যক্তিজন কামাখ্যা মন্দিৰৰ এজন পুৰোহিতৰ কথাত অনুতপ্ত হৈ এতিয়া ৰুই গৈছে এজোপাৰ পিছত এজোপা গছ পুলি। গঢ়ি তুলিছে গছ গছনিৰ উদ্যান। ৰত্নাকৰৰ পৰা বাল্মিকী হোৱা ব্যক্তি গৰাকীৰ নাম অৰুণ কুমাৰ দাস ।

৮০ দশকত অৰুণ কুমাৰে পাহাৰৰ মূল্যবান গছ সমূহ কাটি নিজৰ ব্যৱসায় আৰম্ভ কৰিছিল, গছ কাটি থকাৰ সময়ছোৱাত এদিন মা কামাখ্যা মন্দিৰলৈ যোৱাত পুৰোহিতে বুজনি দিছিল গছ কটা কিমান বেয়া কাম আৰু তাৰ পিছৰে পৰাই পুৰোহিতৰ কথা বুজি পোৱাৰ লগতে নিজকে উপলব্ধি কৰিব পাৰিছিল অৰুণ কুমাৰে। পুৰোহিতৰ প্ৰতিটো কথা হৃদয়ংগম কৰিব পাৰি অৰুণ কুমাৰে নাহৰকটীয়া বিভিন্ন মঠ মন্দিৰ, গিৰ্জা, নামঘৰ আৰু স্কুল কলেজসমূহত নিজৰ গাঁঠিৰ ধন ভাঙি বৰ্তমানৰ লৈকে ৰুই আহিছে প্ৰায় ২০ হাজাৰ গছ পুলি ।

শেহতীয়াকৈ অৰুণ কুমাৰে নাহৰকটীয়াৰ জাগুন গাঁৱৰ নিৱাসী ৺থানুৰাম গগৈ দেৱৰ স্মৃতিত নাহৰকটীয়া বালিঘাট অঞ্চলত নাহৰকটীয়া ৰেলৱেৰ শ্লিপাৰ কাৰখানাৰ মাটিত "সেউজ উপবন" নামেৰে এখন  ফলমূলৰ উদ্যান খুলি নিজকে  পৰাচিত্ত কৰিবলৈ চেষ্টা কৰিছে।  আনকি অৰুণ কুমাৰে এতিয়া সকলোকে বৃক্ষৰোপন আৰু প্ৰতিপালন কৰি ধৰিত্ৰীৰ জীৱকূল ৰক্ষা কৰিবলৈ আহ্বান জনাই আহিছে। অৰুণ কুমাৰ দাস ৰত্নাকৰৰ পৰা বাল্মিকী হোৱা কাৰ্যই এতিয়া সকলোকে উৎফুল্লিত কৰাৰ লগতে পূৰ্বতে অৰুণ কুমাৰে কৰাৰ দৰে এতিয়াও কোনো লোকে যদিহে  গছ গছনি কাটি জীৱ কুলৰ বাবে এন্ধাৰ নমাই আহিছে সেইসকলকো অৰুণ কুমাৰৰ দৰে পথ বাচি লবলৈ প্ৰকৃতিপ্ৰেমীসকলে আহ্বান জনাইছে।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি