My Aadhaar Online: ইউনিক আইডেণ্টিফিকেচন অথৰিটী অব ইণ্ডিয়া(UIDAI)য়ে আৰম্ভ কৰিছে এক প্ৰতিযোগিতা, যাৰ দ্বাৰা আপুনি ঘৰত বহিয়েই উপাৰ্জন কৰিব পাৰিব ৩০ হাজাৰ টকা। জানো আহক ইয়াৰ বাবে আপুনি কি কৰিব লাগিব। ১৮ জুনৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাত আধাৰৰ সৈতে সংযুক্ত ১৫টা সেৱাৰ ভিতৰৰ যিকোনো এটাৰ বিষয়ে ৩০ ছেকেণ্ডৰ পৰা ২ মিনিটৰ ভিতৰত এটা ভিডিঅ’ প্ৰস্তুত কৰিব লাগিব। এই ভিডিঅ’ প্ৰস্তুত কৰি ইউটিউব, গুগল ড্ৰাইভ বা অনলাইন ফাইল শ্বেয়াৰিং ছাইটত আপলোড কৰিব লাগিব।
এই ছাইটকেইটাৰ ভিতৰত যিকোনো এটা ছাইটত ভিডিঅ’ আপলোড কৰাৰ পিছত ভিডিঅ’টোৰ লিংক আপুনি ইমেইলত প্ৰেৰণ কৰিব লাগিব। ইমেইলটো প্ৰেৰণ কৰিব লাগিব media.division@uidai.net.inত। ইয়াৰ লগতে আপুনি আপোনাৰ আধাৰ নম্বৰ, আধাৰ কাৰ্ডৰ অনুসৰি নাম, ঠিকনা আৰু মোবাইল নম্বৰ প্ৰেৰণ কৰিব লাগিব। লগতে এইটোও ক’ব লাগিব যে আপোনাৰ বেংক একাউণ্টত আধাৰৰ সৈতে লিংক হৈছে নে হোৱা নাই।
এনেকুৱা হ’ব লাগিব ভিডিঅ’ Format
Full Hd আৰু High Resolutionত প্ৰস্তুত হোৱা ভিডিঅ’ৰ ফৰমেট MP4, HVI, FLV, WMV, MPEG বা MOV হোৱাটো প্ৰয়োজন। 1920x1080pxৰ ভিডিঅ’সমূহক ইয়াত প্ৰথমে প্ৰাধান্য দিয়া হ’ব। এই ভিডিঅ’সমূহ হিন্দী বা ইংৰাজী ভাষাত প্ৰস্তুত হ’ব লাগিব।
![]()
UIDAIৰ তৰফৰ পৰা বিশেষভাৱে কোৱা হৈছে যে ভিডিঅ’সমূহ UIDAIৰ ছচিয়েল মিডিয়া পেজত শ্বেয়াৰ কৰিব নালাগে। কোনোধৰণৰ কপি কৰা ভিডিঅ’ প্ৰেৰণ নকৰিব। ভিডিঅ’ কৰি থাকোতে আধাৰ নম্বৰ ব্লাৰ কৰাটো বাঞ্চনীয়।
আবেদনৰ অন্তিম তাৰিখ হ’ল ২২ জুলাই
ভিডিঅ’ কোৱালিটীৰ লগতে অডিঅ’ৰ ওপৰতো ধ্যান ৰখা হ’ব। ৩১ আগষ্টলৈ প্ৰতিযোগিতাত বিজয়ীসকলক ইমেইল প্ৰেৰণ কৰিব UIDAI–এ। আবেদনৰ অন্তিম তাৰিখ হ’ল ২০১৯ৰ ২২ জুলাই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|