ধনী হোৱাৰ সপোন কাৰ নাথাকে ? উচিত পৰিকল্পনাৰে চাকৰি কৰিও আপুনি সহজেই উপাৰ্জন কৰিব পাৰিব লাখ টকা ।
এতিয়া প্ৰশ্ন উঠিছে, কিদৰে আৰু ক’ত 'Invest' কৰিব লাগিব আপোনাৰ টকা ?
বিশেষজ্ঞ সকলৰ মতে নিৰাপদ ভৱিষ্যতৰ বাবে সঠিক দিশত আপুনি কৰিব লাগিব "Financial Planning"।
যদি "Financial Planning" কৰা হয় তেন্তে প্ৰতি মাহত কম পৰিমাণে টকা সঞ্চয় কৰিও আপুনি নিজৰ আৱশ্যকতা পূৰণ কৰিব পাৰিব । ইয়াৰ বাবে কেপিটেল মাৰ্কেটতো আছে বহু কেইটা বিকল্প পথ ।
ইয়াৰে এটা সঠিক বিকল্প
হল
'Systematic Investment Plan'(SIP) ।
ব্ল’মবাৰ্গে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ১৫ বছৰত ষ্ট’ক মাৰ্কেটে সোণতকৈ অধিক আয় প্ৰদান কৰিছে । কিন্তু শ্বেয়াৰ বজাৰত অধিক উত্থান–পতন হোৱাৰ বাবে
Financial Planner সকলে "SIP"ৰ জৰিয়তে 'Mutual fund'ত অধিক ধন বিনিয়োগ কৰিবলৈ পৰামৰ্শ দিয়ে । বৰ্তমান সময়ত এনে 'Mutual fund' আছে যি ১৫ ৰ পৰা ২০ বছৰত
বাৰ্ষিক ২০ শতাংশ বা তাতকৈ অধিক হাৰত বিনিয়োগ কৰা ৰাশি উভতাই দিছে । যি সকল বিনিয়োগকাৰীয়ে মাত্ৰ অলপ ৰিস্ক লব পাৰে তেঁওলোকৰ কাৰণে ই এক উত্তম বিকল্প হব পাৰে ।
কিদৰে লাভ কৰিব ৪৯ লাখ টকা
Escorts Securitiesৰ গৱেষণা মুৰব্বী আছিফ ইকবালে কয় যে এক উন্নত ইকুইটি ফাণ্ডত প্ৰতি মাহে ১৫ হাজাৰ টকা বিনিয়োগ কৰিব লাগিব আৰু প্ৰতি দিনৰ হিচাপত এয়া ১৭০ টকা বিনিয়োগ কৰিব লাগিব ২০ বছৰৰ বাবে । যদি আপুনি বাৰ্ষিক ২০ শতাংশ ৰিটাৰ্ণ পাব বিচাৰে তেন্তে আপুনি বিনিয়োগ কৰা ধন প্ৰায় ৪৯ লাখ পৰ্যন্ত হব ।
ইয়াত কিমান নিৰাপদ আপোনাৰ ধন ৰাশি
আছিফ ইকবালে কয় যে 'Mutual fund'ত ধন বিনিয়োগৰ বহুতো উত্তম উপায় আছে । আপুনি মাত্ৰ এটা কোম্পানীত ধন বিনিয়োগ কৰাৰ পিছত
যদি কোম্পানীটো বন্ধ হৈ যায় তেন্তে আপুনি বিনিয়োগ কৰা ধন অথলে যায় কিন্তু Mutual fund ত বিনিয়োগ কৰিলে আপুনি বিনিয়োগ কৰা ধন বহুতো কোম্পানীত ৰখা হয় । যাৰ ফলত এটা কথা বুজা যায় যে বিনিয়োগ কৰা এটা কোম্পানী বন্ধহৈ গলেও বাকী কেইটা কোম্পানীৰ পৰা লাভ অৰ্জন কৰিব পাৰি।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|