৩ বছৰে এই ৰাম মন্দিৰ পৰিস্কাৰ কৰি আহিছে ছাদ্দাম হুছেইনে

বেংগালুৰুৰ ছাদ্দাম হুছেইনৰ ভূমিকাকলৈ গৌৰৱান্বিত দেশবাসী

news18assam
Updated:May 9, 2019, 1:44 PM IST
৩ বছৰে এই ৰাম মন্দিৰ পৰিস্কাৰ কৰি আহিছে ছাদ্দাম হুছেইনে
বেংগালুৰুৰ ছাদ্দাম হুছেইনৰ ভূমিকাকলৈ গৌৰৱান্বিত দেশবাসী
news18assam
Updated: May 9, 2019, 1:44 PM IST
সম্প্ৰীতিৰ এক উত্তম নিৰ্দশন । ৰমজান মাহত দেশৰ বিভিন্ন প্ৰান্তৰ লোকৰ উচ্চ প্ৰশংসা লাভ কৰা এজন যুৱকৰ কথাৰে।
যি সময়ত একাংশই হিন্দু-মুছলমানৰ নামত সমগ্ৰ দেশত অতি নিকৃষ্ট সাম্প্ৰদায়িক বাতাবৰণৰ সৃষ্টি কৰিছে, সেই সময়তেই বেংগালুৰুৰ এইজন মুছলমান সম্প্ৰদায়ৰ লোকে নিজ হাতে ৰাম মন্দিৰ পৰিস্কাৰ কৰি দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে।
বেংগালুৰুৰ ৰাজাজীনগৰত থকা এটা ৰাম মন্দিৰ পৰিস্কাৰ আৰু চোৱা চিতাৰ দায়িত্বত তিনি বছৰ ধৰি নিয়োজিত আছে ২৭ বছৰীয়া মুছলমান যুৱক ছাদ্দাম হুছেইন ।

১৯৫০ চনৰ শেষৰ ভাগতে নিৰ্মাণ কৰা ৰাম মন্দিৰটোত অন্য কাৰোবালৈ অপেক্ষা নকৰাকৈয়ে ছাদ্দামে প্ৰতিদিনে নিয়াৰিকৈ পালন কৰি গৈছে নিজৰ দায়িত্ব ।
মন্দিৰটোত থকা ৰাম,সীতা,লক্ষ্মণ আৰু হনুমানৰ প্ৰতিমাও নিজ হাতে পৰিস্কাৰ কৰে ছাদ্দামে । মন্দিৰ দৰ্শনৰ বাবে অহা দৰ্শনাৰ্থীয়ে প্ৰায়ে ছাদ্দাম হুছেইনে কৰা কামৰ উচ্চ প্ৰশংসা কৰে ।
ছাদ্দামক এই চাকৰিটো প্ৰদান কৰিছিল মন্দিৰৰ পূজাৰ সামগ্ৰী বিক্ৰী কৰা ভেংকটেশ বাবু নামৰ এজন লোকে । গনেশ চতুৰ্থীৰ সময়ত পূজাৰ সামগ্ৰী বিক্ৰী কৰাৰ সময়তো ভেংকটেশ বাবুক ছাদ্দামে সহায় কৰি আহিছে । উল্লেখযোগ্য যে ছাদ্দামৰ লগতে তাৰ মাতৃ মেহবুবীয়েও মাজে সময়ে মন্দিৰৰ চৌপাশ চাফা কৰি ছাদ্দামক সহায় কৰে ।
দ্বিতীয় শ্ৰেণীলৈকে পঢ়া এই যুৱকজনে মন্দিৰ চাফ–চিকুনৰ লগতে গাড়ী চলোৱা আৰু দোকানতো কাম কৰি পৰিয়াল পোহ পাল দি আহিছে ।ধৰ্মৰ নামত সমাজত বিষবাষ্প বিয়পোৱা সকলৰ বাবে আদৰ্শ হওক ছাদ্দাম হোছেইন ।
আৰু চাওক পৰৱৰ্তী বাতৰি