உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • হিন্দু পিতৃৰ দহা কাজ সম্পন্ন মুছলমান ধৰ্মপুত্ৰৰ, শিমলীতোলাৰ চায়েদ আলীয়ে দিছে বিৰল বাৰ্তা

    হিন্দু পিতৃৰ দহা কাজ সম্পন্ন মুছলমান ধৰ্মপুত্ৰৰ, শিমলীতোলাৰ চায়েদ আলীয়ে দিছে বিৰল বাৰ্তা

    শ্ৰাদ্ধ সম্পন্ন কৰাৰ পৰা মৃতকৰ বিধৱা বয়োজ্যেষ্ঠা পত্নীৰ দায়িত্বও লৈছে চায়েদ আলীয়ে।

    শ্ৰাদ্ধ সম্পন্ন কৰাৰ পৰা মৃতকৰ বিধৱা বয়োজ্যেষ্ঠা পত্নীৰ দায়িত্বও লৈছে চায়েদ আলীয়ে।

    শ্ৰাদ্ধ সম্পন্ন কৰাৰ পৰা মৃতকৰ বিধৱা বয়োজ্যেষ্ঠা পত্নীৰ দায়িত্বও লৈছে চায়েদ আলীয়ে।

    • Share this:
      আবুল কালাম আজাদ, নিউজ18: শংকৰ আজানৰ দেশ অসম আৰু এইখন অসমত বিভিন্নজনে বিভিন্ন সময়ত প্ৰেম, ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ উজ্জ্বল নিদৰ্শন সমাজ তুলি ধৰি আহিছে, অনুপ্ৰাণিত কৰি আহিছে সমাজত আজিও ভালবোৰ বৰ্তি থকাৰ কথা মনে প্ৰাণে বিশ্বাস কৰা একাংশ লোকক। অসমীয়া সমাজৰ এই সহমৰ্মী ৰূপক তুলি ধৰিছিল সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাই তেওঁৰ কালজয়ী গীত মানুহে মানুহৰ বাবে...ৰ মাজেৰে। এনে এক বিৰল সম্প্ৰীতিৰ নিদৰ্শন তুলি ধৰিছে দক্ষিণ কামৰূপৰ এজন ইছলামধৰ্মী ব্যক্তিয়ে। দক্ষিণ কামৰূপৰ নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী শিমলীতোলা গেৰুৱা তিনিআলীৰ ৮৫ বছৰীয়া নগেন দাসৰ আজিৰেপৰা দহ দিনৰ পূৰ্বে মৃত্যু ঘটে। মৃত ব্যক্তিজনৰ পৰিয়ালত আছে মাথো তেওঁৰ পত্নী সিদ্ধেশ্বৰী দাস ৷ সতি–সন্ততি নথকা নগেন দাসে জীৱিত কালত শিমলীতোলা বজাৰৰ চায়েদ আলী নামৰ এজনক ধৰ্মপুত্ৰ জ্ঞান কৰিছিল ৷ আনকি মৃত্যুৰ পূৰ্বে চায়েদ আলীক ধৰ্মীয় ৰীতি মতে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ কামো সম্পন্ন কৰিবলৈ কৰিবলৈ অনুৰোধ কৰিছিল সদ্যপ্ৰয়াত বয়োজ্যেষ্ঠ ব্যক্তিজনে ৷

      প্ৰয়াত নগেন দাস


      পিতাৰ ইচ্ছানুসাৰি নগেন দাসৰ মৃত্যুৰ দিনৰে পৰা সকলো নীতি–নিয়মৰ দায়িত্ব গ্ৰহণ কৰিছে চায়েদ আলীয়ে। বহন কৰিছে সকামৰ সমস্ত খা-খৰছ। বৈদিক ৰীতি মতেই সকলো শ্ৰাদ্ধৰ সকলো নিয়ম কৰে চায়েদ আলীয়ে। এইখিনি ধৰ্মীয় কামৰ বাবে গাঁৱবাসীৰ পৰা অনুমোদনো লয় চায়েদ আলীয়ে ৷

      চায়েদ আলী


      দহা, শ্ৰাদ্ধ, মৎস্য স্পৰ্শকে ধৰি প্ৰতিটো পৰ্বৰ বাবে যাৱতীয় বজাৰ-সমাৰ কৰা, ৰভা দিয়া, প্ৰয়াত নগেন দাসৰ আত্মীয়-কুটুম আৰু গাঁৱবাসীক নিমন্ত্ৰণ কৰালৈকে প্ৰতিটো কামৰ দায়িত্ব গ্ৰহণ কৰিছে মুছলিম যুৱক চায়েদ আলীয়ে৷ মৃতকৰ বিধৱা পত্নী সিদ্ধেশ্বৰী আইতাৰ দায়িত্বও হাতপাতি লৈছে চায়েদ আলীয়ে ৷ সিদ্ধেশ্বৰী আইতায়ো নিজৰ সন্তানৰ দৰেই গ্ৰহণ কৰি লৈছে চায়েদ আলীক ৷ একাংশই  সাম্প্ৰদায়িক সংকীৰ্ণতাবোধৰ বিষবাষ্প বিয়পাবলৈ অপচেষ্টা কৰাৰ সময়ত হিন্দু ধৰ্মৰ এটা পৰিয়ালৰ কাৰণে এগৰাকী ধৰ্মপুত্ৰৰ দায়িত্ব পালন কৰা চায়েদ আলীয়ে দেখুওৱা আদৰ্শ নিসন্দেহে আদৰণীয়।
      First published: