পাঠ্যক্ৰমত বলীউদৰ জনপ্ৰিয় ছবি ডাবাঙৰ চাৰ্টবাষ্টাৰ গীত 'Munni Badnaam Hui'! ইংলেণ্ডত শিক্ষা বিভাগৰ দ্বাৰা আৰম্ভ কৰা নতুন সংগীত পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছে ছলমান খান অভিনীত জনপ্ৰিয় গীতটো।
কিশোৰী আমোঙ্কাৰৰ 'Saheli Re', অনুষ্কা শংকৰৰ 'Indian Summer', এ আৰ ৰহমানৰ 'Jai Ho' আদি গীতো অন্তৰ্ভুক্ত হৈছে পাঠ্যক্ৰমত। PTIয়ে জনোৱা মতে, ইংলেণ্ডৰ পৰা অহা ১৫ জনীয়া সংগীত শিক্ষা বিশেষজ্ঞ – শিক্ষক, শিক্ষা নেতা আৰু সংগীতজ্ঞৰ এটা পেনেলে এই তালিকা প্ৰস্তুত কৰিছে।
'Munni Badnaam Hui' গীতটো অন্তৰ্ভক্ত কৰাৰ সন্দৰ্ভত বিশেষজ্ঞসকলে কয় যে, "কাহিনীটোৰ বিষয় অবিহনে বলীউডৰ চলচ্চিত্ৰত আইটেম নাম্বাৰবোৰ প্ৰদৰ্শিত হয়, আৰু যেতিয়া নায়ক, পুলিচ চুলবুলে এই গানটোত প্ৰৱেশ কৰে, সেইসময়তে ছবিখনত ডান্সাৰ মালাইকাক দেখা য়ায়। গানটোত ইয়াৰ সংগীত, নৃত্য আৰু ৰঙীন দৃশ্যত বলীউদৰ চলচ্চিত্ৰৰ বহুতো সাধাৰণ বৈশিষ্ট্য প্ৰতিফলিত হৈছে। সেয়েহে অন্তৰ্ভুক্ত কৰা হৈছে।"