• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • আলুৰ Chips আৰু চকলেট খাই ভালপাই নেকি? সাৱধান হওক, আক্ৰান্ত হ'ব পাৰে কিডনীৰ জটিল ৰোগত!

আলুৰ Chips আৰু চকলেট খাই ভালপাই নেকি? সাৱধান হওক, আক্ৰান্ত হ'ব পাৰে কিডনীৰ জটিল ৰোগত!

বিশ্বৰ প্ৰায় ১০ শতাংশ লোকেই আক্ৰান্ত হয় কিডনীৰ জটিল ৰোগত। লগতে প্ৰক্ৰিয়াজাত এনে খাদ্যই ডায়েবেটিচ, উচ্চৰক্তচাপ, মেদবহুলতা, কৰ্কট ৰোগ আৰু গেষ্ট্ৰোইনটেস্টাইনেল আদি ৰোগৰ আশংকা বৃদ্ধি কৰে।

  • Share this:
আলু Chips, ব্ৰেড, বেকাৰী সামগ্ৰী আৰু চকলেট খাই ভালপাই নেকি? তেন্তে আপুনি সাৱধান হ'বৰ হ’ল ৷ কিয়নো এন্দুৰৰ ওপৰত আধাৰিত এক নতুন অধ্যয়নে প্ৰকাশ কৰিছে যে, প্ৰক্ৰিয়াজাত খাদ্য(Processed Food) খোৱাৰ ফলত লিকি গাট চিণ্ড্ৰোম হ'ব পাৰে, যাৰ ফলত কিডনী ৰোগৰ আশংকা বৃদ্ধি হয় ।

অষ্ট্ৰেলিয়াৰ ম’নাছ বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ নেতৃত্বত কৰা অধ্যয়নত দেখা গৈছিল যে, তাপৰ দ্বাৰা প্ৰস্তুত কৰা প্ৰক্ৰিয়াজাত খাদ্য(Processed Food)এ এডভান্স গ্লাইকেচন এণ্ড প্ৰডাক্ট (AGE's) নামৰ ক্ষতিকাৰক ৰাসায়নিক যৌগৰে সমৃদ্ধ। এই ৰাসায়নিক পদাৰ্থবোৰে ব্ৰাউণ্ড, ফ্ৰাইড, ৰষ্টেড, গ্ৰিল কৰা আৰু বেক কৰা খাদ্যক তাৰ ফ্লেভাৰ আৰু সুগন্ধ প্ৰদান কৰ। এই AGEবোৰে মেইললাৰ্ড প্ৰতিক্ৰিয়া নামৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰে আৰু শৰীৰৰ বিপদসংকেত বোৰ সলনি কৰে, যাৰ ফলত প্ৰদাহজনক সঁহাৰি আৰু দীৰ্ঘম্যাদী কিডনী ৰোগ হয়।

অৱশ্যে, উচ্চ প্ৰতিৰোধী ষ্টাৰ্চ ফাইবাৰ যেনে অ’টচ, ৰন্ধা আৰু ঠাণ্ডা চাউল, বাৰ্লি, বিন আৰু শিম যেনে ক'লা বীন আৰু মটৰ, কেঁচা আলু, আদিয়ে অন্ত্ৰৰ স্বাস্থ্য পুনৰুদ্ধাৰ কৰাত আৰু কিডনীৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰিব পাৰে ৷ বিজ্ঞান এডভান্স পত্ৰিকাত প্ৰকাশ কৰা এক প্ৰতিবেদনত এই কথা প্ৰকাশ কৰা হৈছে ।

এই প্ৰতিবেদনৰ মুখ্য লেখক তথা মনাচ চেণ্ট্ৰেল ক্লিনিকেল স্কুলৰ ডায়েবেটিচ বিভাগৰ সহযোগী অধ্যাপক মেলিণ্ডা কাফলান কয়, “এই খাদ্যবোৰ গুৰুত্বপূৰ্ণ কিয়নো সিহতে আপোনাৰ নিম্ন অন্ত্ৰত নামি যায় আৰু মূলতঃ আপোনাৰ অন্ত্ৰৰ বেক্টেৰিয়াৰ বাবে খাদ্য হিচাপে কাম কৰে।

বিশ্বৰ প্ৰায় ১০ শতাংশ লোকেই আক্ৰান্ত হয় কিডনীৰ জটিল ৰোগত। লগতে প্ৰক্ৰিয়াজাত এই খাদ্যই ডায়েবেটিচ, উচ্চৰক্তচাপ, মেদবহুলতা, কৰ্কট ৰোগ আৰু গেষ্ট্ৰোইনটেস্টাইনাল আদি ৰোগৰ আশংকাও বৃদ্ধি কৰে।
Published by:Himangshu Bhuyan
First published: