IPL Auction 2021 : নিলামত অন্তিম নাম অৰ্জুন তেণ্ডুলকাৰ, কিমান দামত বিক্ৰী হ’ল শচীন পুত্ৰ!

শচীন পুত্ৰ অৰ্জুন বাওঁহতীয়া পেছাৰ। বেটিঙো কৰিব পাৰে।
শচীন পুত্ৰ অৰ্জুন বাওঁহতীয়া পেছাৰ। বেটিঙো কৰিব পাৰে।
- News18 Assam
- Last Updated: February 19, 2021, 9:01 AM IST
শচীন পুত্ৰ অৰ্জুন বাওঁহতীয়া পেছাৰ। বেটিঙো কৰিব পাৰে। নিলামত তেওঁৰ নাম উঠা মাত্ৰকে অৰ্জুনক কিনিবলৈ আগ্ৰহ প্ৰকাশ কৰে মুম্বাই ইণ্ডিয়ানছৰ প্ৰতিনিধিসকলে। আন কোনো দলে অৱশ্যে আগ্ৰহ প্ৰকাশ নকৰিলে। ফলত ২০ লাখ টকাতেই অর্জুনক কিনি লয় মুম্বাই ইণ্ডিয়ানছে।
ইতিমধ্যে মুস্তাক আলী ট্ৰফীত মুম্বাইৰ হৈ দুখন মেচ খেলিছে অৰ্জুন তেণ্ডুলকাৰে। মুম্বাইৰ অনুৰ্ধ্ব ১৯, অনুৰ্ধ্ব ১৬ আৰু অনুৰ্ধ্ব ১৪ দলৰ হৈ খেলিছে অৰ্জুনে। কিছুদিন পূৰ্বে মুম্বাই আৰক্ষীয়ে আয়োজন কৰা আমন্ত্ৰণীমূলক টুৰ্ণামেণ্টত ৩১ বলত ৭৭ ৰানৰ ইনিংছ খেলি দৃষ্টি কাঢ়িছিল অৰ্জুনে। লগতে বল হাতত লৈ ৪১ ৰানত তিনিটা উইকেট দখল কৰে শচীন পুত্ৰই। ফলত কেৱল যে পিতৃৰ পৰিচয়ৰ বাবেই মুম্বাই দলে স্থান দিলে অৰ্জুনক, সেই কথা ক’ব পৰা নাযাব।