আই পি এল ২০১৯ : পঞ্চম বাৰলৈ আই পি এলৰ ফাইনেলত মুম্বাই ইণ্ডিয়ানছ

চেন্নাই ছুপাৰকিংছক হৰুৱাই ফাইনেলত প্ৰবেশ মুম্বাই ইণ্ডিয়ানছৰ


Updated:May 8, 2019, 12:33 PM IST
আই পি এল ২০১৯ : পঞ্চম বাৰলৈ আই পি এলৰ ফাইনেলত মুম্বাই ইণ্ডিয়ানছ
ফাইল ফটো

Updated: May 8, 2019, 12:33 PM IST
মংগলবাৰে অনুষ্ঠিত হোৱা Qualifier 1 মেচ খনত মুম্বাই ইণ্ডিয়ানছে ৬ উইকেটত পৰাস্ত কৰে চেন্নাই ছুপাৰকিংছক । প্ৰথমে বেট ধৰি চেন্নাই ছুপাৰকিংছে ২০ অভাৰত ৪টা উইকেট হেৰুৱাই ১৩২ ৰান সংগ্ৰহ কৰে যদিও ১৮.৩ অভাৰতে মুম্বাই ইণ্ডিয়ানছে লক্ষ্য অতিক্ৰম কৰি পঞ্চম বাৰলৈ ফাইনেলত প্ৰৱেশ কৰে । মুম্বাই ইণ্ডিয়ানছৰ হৈ সূৰ্য কুমাৰ যাদৱে ৫৪ টা বলত সৰ্বাধিক ৭১ ৰাণ সংগ্ৰহ কৰে । পৰাজয় স্বত্বেও ফাইনেল খেলাৰ আশা এতিয়াও সজিব হৈ আছে চেন্নাই ছুপাৰকিংছৰ । দিল্লী কেপিটেলচ আৰু ছানৰাইজ হায়দৰাবাদৰ মাজত অনুষ্ঠিত হব লগীয়া প্ৰথম এলিমিনেটৰ খেলত বিজয়ী দলৰ সৈতে মুখামুখি হব মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন দলটো ।

Qualifier 1 খেলখনত চেন্নাই ছুপাৰকিংছৰ হৈ অম্বতী ৰাইডুৱে ৩৭ টা বলত সৰ্বাধিক ৪২ ৰাণ আৰু অধিনায়ক ধোনীয়ে ২৯ টা বলত অপৰাজিত ৩৭ ৰাণ সংগ্ৰহ কৰে । মুম্বাই ইণ্ডিয়ানছৰ স্পিনাৰ ৰাহুল চাহৰে বিধ্বংসী বলিঙেৰে ৪ অভাৰত মাত্ৰ ১৪ ৰাণ খৰচ কৰি ২ টা উইকেট দখল কৰে । সেইদৰে ১৩৩ ৰাণৰ লক্ষ্য আগত ৰাখি মুম্বাই ইণ্ডিয়ানছে ২১ ৰাণতে অধিনায়ক ৰোহিত শৰ্মা আৰু ডি ককৰ উইকেট হেৰুৱাই শলঠেকত পৰে যদিও তৃতীয় উইকেটত সূৰ্য কুমাৰ যাদৱৰ ৭১ ৰাণৰ বিধ্বংসী ইনিংছৰ সহায়ত ১৮.৩ অভাৰতে নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰি ফাইনেলত প্ৰৱেশ কৰে ।
আৰু চাওক পৰৱৰ্তী বাতৰি