নতুন ৰূপ ধোনি। চুলিৰ ষ্টাইল সলাই পেলালে ধোনিয়ে। প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক এই ৰূপ দিলে চুলিৰ ড্ৰেচাৰ আলিম হাকিমৰ হাতৰ যাদুৱে। হাকিমে ধোনীক দাড়িৰ লগতে ফক্স হক কাটত এটা নতুন ষ্টাইলত তুলি ধৰিছে।
মহেন্দ্ৰ সিং ধোনিক অলপতে ভাৰতীয় ৰাষ্ট্ৰীয় দলৰ জাৰ্চীত এটা বিজ্ঞাপনত দৃশ্যগ্ৰহণ কৰা দেখা গৈছিল। ফাৰাহ খানো ভাৰতীয় ক্ৰিকেটৰ প্ৰাক্তন অধিনায়কগৰাকীৰ লগতে আছিল। বলীউডৰ পৰিচালক ফাৰাহে কয় যে তেওঁ ধোনীৰ অনুৰাগী। অৱশ্যে দলৰ জাৰ্চীত ধোনিক দেখি বহুতে অনুমান কৰিছিল যে মাহী ভাৰতীয় দললৈ ঘূৰি আহিব।
Legend Dhoni? Sports A Dashing Look ???
Thoroughly enjoyed doing this haircut & beard for our legend Mahendra Singh Dhoni ???#MSD #mahendrasinghdhoni #dhoni #msdhoni #fauxhawk #dhonisnewhaircut #dhonistyle #captaincool #aalimhakim #hakimsaalim #viral #trending pic.twitter.com/h17NX8qbDB
— Aalim Hakim (@AalimHakim) July 30, 2021
উল্লেখ্য, ধোনীক আগন্তুক আই পি এলত চেন্নাই চুপাৰ কিংছৰ হৈ খেলা দেখা যাব। আৰব আমীৰশ্বাহীত হ'বলগীয়া আই পি এলৰ শেষাংশ খেলত এই ৰূপতে এতিয়া ধোনিক প্ৰত্যক্ষ কৰাৰ আশা কৰিছে অনুৰাগীয়ে।
উল্লেখ্য আলিম হাকিমে এই ছবি ইনষ্টাগ্ৰামত আজি পোষ্ট কৰাৰ পিছতে ভাইৰেল হৈছে ছবি। বলীউডৰ অভিনেতা সুনীল চেট্টীয়ে ইমোজিৰে দিছে কমেণ্ট। লগতে এতিয়া ছ'চিয়েল মিডিয়াত এই ফটো হৈ পৰিছে ভাইৰেল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|