মহেন্দ্ৰ সিং ধোনী। নামটোৱে যাৰ পৰিচয়। কাৰণ তেওঁ ক্ৰিকেট বিশ্বৰ এনে এগৰাকী উজ্জ্বল তাৰকা, যিগৰাকীক কেৱল দেশেই নহয়, সমগ্ৰ বিশ্ববাসীয়ে মনত ৰাখিব তেওঁৰ খেলৰ বাবে। বিহাৰৰ পৰা আহি এখনৰ পিছত এখন খেল জিকি নিজৰ নাম উজলাই তুলিছিল তেওঁ। জীৱনত ঘাত–প্ৰতিঘাত কম নাই ধোনীৰ। চৰকাৰী চাকৰি এৰি খেলত মনোনিবেশ কৰিবলৈ সাহস লাগে। প্ৰথম প্ৰেমিকাৰ মৃত্যুত ভাঙি পৰিছিল ধোনী। কিন্তু তাৰ পিছত জীৱনলৈ আহিল সাক্ষী।
সাক্ষীক বিয়া পতাৰ পিছত সলনি হৈছে ধোনীৰ জীৱন। কণমানি কন্যা জিভাক লৈ তেওঁলোকৰ সুখৰ সংসাৰ। ধোনীয়ে মাজে সময়ে কন্যা জিভাক লৈ নানা ধেমেলীয়া ভিডিঅ’ পোষ্ট কৰা দেখা যায়। যিবোৰ মুহূৰ্তৰ ভিতৰতে ভাইৰেল হৈ পৰে। ধোনীৰ জীৱনক লৈ নিৰ্মিত ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল সুশান্ত সিং ৰাজপুতে। তাৰ বাবে বহুদিন ধৰি ধোনীৰ ঘৰত থাকিবলগীয়া হৈছিল সুশান্ত। আৰু সেই বাবেই যথাযথভাৱে ধোনীৰ চৰিত্ৰ পৰ্দাত তুলি ধৰিবলৈ সক্ষম হৈছিল সুশান্তই।
বৰ্তমান এটা ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। মুম্বাইত এখ বিয়াৰ অনুষ্ঠানত পত্নীক লৈ গৈছিল ধোনী। বন্ধুৰ বিয়া। তাৰ পৰাই এটা ভিডিঅ’ ভাইৰেল হয়। দেখা গৈছে গান বাজি থকাৰ সময়ত চকীত বহি আছে ধোনী। আৰু তেওঁৰ ওচৰত এজাক সুন্দৰী। পিছফালে পত্নী সাক্ষী। গানৰ তালে তালে নাচিছে সকলোৱে। চকীত বহিয়ে সাক্ষীৰ সৈতে তালত তাল মিলাই নাচিছে ধোনীয়ে। এই ভিডিঅ’ বৰ্তমান ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|