Happy Birthday MS Dhoni! ভাৰতীয় ক্ৰিকেটৰ সৰ্বাধিক সফল অধিনায়কজনে ভৰি দিলে ৩৮ বছৰত!

নিজৰ বিচক্ষণতাই বিশ্ব ক্ৰিকেটক প্ৰভাৱিত কৰা ‘কেপ্তেইন কুল’ খ্যাত মহেন্দ্ৰ সিং ধোনীৰ আজি জন্মদিন, অসংখ্য গুণমুগ্ধই দিলে জন্মদিনৰ শুভেচ্ছা।

News18-Assam
Updated:July 7, 2019, 9:02 AM IST
Happy Birthday MS Dhoni! ভাৰতীয় ক্ৰিকেটৰ সৰ্বাধিক সফল অধিনায়কজনে ভৰি দিলে ৩৮ বছৰত!
নিজৰ বিচক্ষণতাই বিশ্ব ক্ৰিকেটক প্ৰভাৱিত কৰা ‘কেপ্তেইন কুল’ খ্যাত মহেন্দ্ৰ সিং ধোনীৰ আজি জন্মদিন, অসংখ্য গুণমুগ্ধই দিলে জন্মদিনৰ শুভেচ্ছা।
News18-Assam
Updated: July 7, 2019, 9:02 AM IST
ভাৰতীয় ক্ৰিকেট দলৰ সৰ্বকালৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ খেলুৱৈ মহেন্দ্ৰ সিং ধোনীৰ আজি ৩৮ সংখ্যক জন্মদিন। বৰ্তমান বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ব্যস্ত থকা ধোনীয়ে দলৰ খেলুৱৈ, নিজৰ পত্নী–কন্যা আৰু বন্ধুৰ সৈতে উদযাপন কৰা দেখা গ’ল নিজৰ জন্মদিন। ১৯৮১ চনৰ ৭ জুলাই তাৰিখে ৰাঁচিত জন্মগ্ৰহণ কৰা মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বতে ভাৰতীয় দলে জয়লাভ কৰিছিল আইচিচিৰ তিনিওটা বৃহৎ প্ৰতিযোগিতা।

সৌৰভ গাংগুলী অধিনায়ক হৈ থকাৰ সময়ত ২০০৪ চনৰ ২৩ ডিচেম্বৰত বাংলাদেশৰ বিৰুদ্ধে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা ধোনীয়ে বিভিন্ন কঠিন পৰিস্থিতিটো ভাৰতীয় দলক দিছে জয়ৰ সোৱাদ।

২০০৭ চনৰ বিশ্বকাপত ভাৰতীয় দল বিশ্বকাপ ক্ৰিকেটৰ গ্ৰুপ পৰ্যায়ৰ পৰাই বিদায় লোৱাৰ  পিছত টীম ইণ্ডিয়াই প্ৰথমবাৰলৈ আইচিচিয়ে অনুষ্ঠিত কৰা টি–২০ বিশ্বকাপত মহেন্দ্ৰ সিং ধোনীক দলৰ অধিনায়কৰ দায়িত্ব দিয়ে। সেয়াই আছিল আৰম্ভণি!,তাৰ পিছৰ পৰ্যায়ৰ পৰাই যেন আকৌ এবাৰ আৰম্ভ হ’ল ভাৰতীয় ক্ৰিকেট দলৰ সোণালী দিনৰ! ধোনীৰ নেতৃত্বত ভাৰতে জয়লাভ কৰি গ’ল ইখনৰ পিছত সিখন বৃহৎ ক্ৰিকেট প্ৰতিযোগিতা। ২০০ খন আন্তঃৰাষ্ট্ৰীয় এদিনীয়া মেচত ভাৰতক নেতৃত্ব দিছিল ধোনীয়ে,তাৰে ভিতৰত ভাৰতে জয়লাভ কৰিছে ১১০ খন মেচ।

ধোনীয়ে ভাৰতৰ হৈ এতিয়ালৈকে ভাগ লৈছে ৩৪৮ খন এদিনীয়া মেচ আৰু ৯৮ খন টি–২০ মেচত। এদিনীয়াত মুঠ ১০,০০০ৰ ওপৰত ৰান সংগ্ৰহ কৰিছে ধোনীয়ে। ধোনী এগৰাকী সুদক্ষ উইকেটৰক্ষকো। ধোনীয়ে ৰেকৰ্ড সংখ্যক ১২৩ বাৰ ষ্টাম্পিং কৰি আউট কৰিছে প্ৰতিপক্ষৰ বেটচমেনক। খেলপথাৰত ধোনীৰ যি নীতি

আমাৰ ফালৰ পৰাও থাকিল ধোনীৰ জন্মদিনৰ অলেখ শুভকামনা।
আৰু চাওক পৰৱৰ্তী বাতৰি