শনিবাৰে হঠাত্ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক অৱসৰ জনালে প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে। শনিবাৰে হঠাত্ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক অৱসৰ জনালে প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে। ৰান আউটৰ পৰা ৰান আউটলৈকে....এক বৰ্ণিল কেৰিয়াৰৰ সমাপ্তি ঘটিল। অভিষেক মেচত ৰান আউট হোৱা ধোনীয়ে জীৱনৰ শেষৰ খন আন্তঃৰাষ্ট্ৰীয় মেচতো ৰান আউট হৈয়ে কেৰিয়াৰ সামৰিলে। ধোনীৰ অৱসৰৰ সিদ্ধান্তই এতিয়া আচৰিত কৰি তুলিছে বিশ্বৰ ক্ৰিকেট অনুৰাগীসকলক।
মহেন্দ্ৰ সিং ধোনীৰ অৱসৰৰ সন্দৰ্ভত এইবাৰ মন্তব্য দিলে ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰে। শনিবাৰে টুইটাৰযোগে টেণ্ডুলকাৰে লিখিলে- ‘ভাৰতীয় ক্ৰিকেটলৈ তোমাৰ অৱদান অপৰিসীম। ২০১১ চনত তোমাৰ নেতৃত্বত বিশ্বকাপ জয় কৰা মুহূৰ্ত মোৰ জীৱনৰ শ্ৰেষ্ঠতম মুহূৰ্ত।’
২০১৯ চনত ইংলেণ্ডত অনুষ্ঠিত হোৱা এদিনীয়া আন্তঃৰাষ্ট্ৰীয় বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ পিছৰ পৰাই জাতীয় দলৰ পৰা আঁতৰি আছিল মহেন্দ্ৰ সিং ধোনী। কিন্তু আগন্তুক টি২০ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ধোনীয়ে অন্তিমবাৰলৈ ভাগ ল’ব বুলি চৰ্চা চলিছিল। ইফালে ইংলেণ্ডত হোৱা এদিনীয়া আন্তঃৰাষ্ট্ৰীয় বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত মন্থৰ গতিত বেটিং কৰাৰ বাবে সমালোচনাৰো সন্মুখীন হৈছিল ক্ৰিকেটাৰগৰাকী।
Published by: Himangshu Bhuyan
First published: August 15, 2020, 23:08 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|