আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা মহেন্দ্ৰ সিং ধোনীৰ। স্বাধীনতা দিৱসৰ দিনাই ছচিয়েল মিডিয়া চাইটৰ জৰিয়তে ভাৰতীয় ক্ৰিকেট দলৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অধিনায়ক জনে অৱসৰৰ কথা জানিবলৈ দিয়ে। আই চি চিৰ প্ৰতিটো খিতাপ জয় কৰা ভাৰতীয় ক্ৰিকেটৰ প্ৰথমজন অধিনায়ক ধোনীৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনোৱাৰ সিদ্ধান্তই স্বাভাৱিকতেই আচৰিত কৰি তুলিছে তেওঁৰ অনুৰাগীসকলক। কিছু সময়ৰ পিছতে আনুষ্ঠানিক ঘোষণাৰ সম্ভাৱনা।
ভাৰতীয় ক্ৰিকেটলৈ ধোনীৰ অৱদান কোনেও পাহৰিব নোৱাৰে। ২০০৭ চনৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতীয় দল ৰাউণ্ড পৰ্যায়ৰ পৰাই বাহিৰ হৈছিল। পৰৱৰ্তী সময়ত তেতিয়াৰ অধিনায়ক ৰাহুল দ্ৰাবিড়ৰৰ অধিনায়ক পদ ত্যাগ, প্ৰশিক্ষক গ্ৰেগ চেপেলৰ পদত্যাগে দলটোক একেবাৰে জুৰুলা কৰাৰ সময়ত ধোনীৰ কান্ধত পৰিছিল নেতৃত্বৰ ভাৰ।
তেনে দুৰ্যোগৰ মাজতো ধোনীৰ নেতৃত্বতে ভাৰতীয় ক্ৰিকেট দলে ২০০৭ বৰ্ষত প্ৰথমবাৰলৈ অনুষ্ঠিত হোৱা টি২০ বিশ্বকাপৰ খিতাপ জয় কৰে। পিছৰ পৰ্যায়ত ধোনীৰ নেতৃত্বত অষ্ট্ৰেলিয়াত প্ৰথমবাৰলৈ শৃংখলা জয়, আই চি চি চেম্পিয়নছ ট্ৰফী, এছিয়া কাপ, আই চি চি এদিনীয়া আন্তঃৰাষ্ট্ৰীয় বিশ্বকাপৰ খিতাপ জয় কৰে ভাৰতীয় দলে।
২০১৯ চনত ইংলেণ্ডত অনুষ্ঠিত হোৱা এদিনীয়া আন্তঃৰাষ্ট্ৰীয় বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ পিছৰ পৰাই জাতীয় দলৰ পৰা আঁতৰি আছিল মহেন্দ্ৰ সিং ধোনী। কিন্তু আগন্তুক টি২০ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ধোনীয়ে অন্তিমবাৰলৈ ভাগ ল’ব বুলি চৰ্চা চলিছিল। ইফালে ইংলেণ্ডত হোৱা এদিনীয়া আন্তঃৰাষ্ট্ৰীয় বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত মন্থৰ গতিত বেটিং কৰাৰ বাবে সমালোচনাৰো সন্মুখীন হৈছিল ক্ৰিকেটাৰগৰাকী।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|