নৱ নিৰ্বাচিত সাংসদৰ মাতৃৰ নামত এন আৰ চি কেন্দ্ৰত ভুৱা অভিযোগ!

News18-Assam
Updated:May 28, 2019, 9:49 AM IST
নৱ নিৰ্বাচিত সাংসদৰ মাতৃৰ নামত এন আৰ চি কেন্দ্ৰত ভুৱা অভিযোগ!
স্থানীয় এগৰাকী লোকৰ অভিযোগৰ ভিত্তিত নিজৰ সাংসদ পুত্ৰক লগত লৈ এনআৰচিৰ শুনানিত উপস্থিত হয় আব্দুল খালেকৰ মাতৃ।

স্থানীয় এগৰাকী লোকৰ অভিযোগৰ ভিত্তিত নিজৰ সাংসদ পুত্ৰক লগত লৈ এনআৰচিৰ শুনানিত উপস্থিত হয় আব্দুল খালেকৰ মাতৃ।

  • Share this:
সোমবাৰে বৃদ্ধ মাতৃক লগতলৈ এনআৰচিৰ শুনানিত উপস্থিত হ’ল বৰপেটাৰ নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেক৷ হৃদয়ৰঞ্জন নাথ নামৰ কোনো এজন লোকে জনীয়াৰ বিধায়ক তথা বৰপেটাৰ নব নিৰ্বাচিত সাংসদ আব্দুল খালেকৰ মাতৃৰ বিৰুদ্ধে এনআৰচি  কৰ্তৃপক্ষৰ ওচৰত দাখিল কৰিছিল অভিযোগ ৷ এই অভিযোগৰ ভিত্তিতে সোমবাৰে বৰপেটাৰোডৰ ভগৱানী দেৱী প্ৰসূতি সদনত থকা এনআৰচিৰ শুনানিত উপস্থিত হৈ নিজৰ নাগৰিকত্বৰ তথ্য দাখিল কৰিলে সাংসদ খালেকৰ বৃদ্ধা মাতৃয়ে ৷  উল্লেখ যে ১৯৫১ চনৰ ভোটাৰ তালিকাতো নাম সন্নিৱিষ্ট আছিল খালেকৰ মাতৃৰ। তাৰপিচতো নিজৰ নাগৰিৰত্বৰ প্ৰমাণ দিবলগীয়া হোৱাত এতিয়া অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।

পিছত নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেকে সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, যি গৰাকী লোকে তেওঁৰ মাতৃৰ বিৰুদ্ধে অভিযোগ আনিছিল আজি তেওঁ শুনানিৰ সময়ত উপস্থিত নাথাকিল। এনে ধৰণৰ লোকসকল সকল এন আৰ চিৰো শত্ৰু আৰু ৰাষ্ট্ৰৰো শত্ৰু বুলি অভিহিত কৰে সাংসদজনে৷ তেওঁ লগতে কয় প্ৰকৃত ভাৰতীয় নাগৰিকক এন আৰ চিৰ নামত অযথা হাৰাশাস্তি কৰা এই শুনানিয়েই শেষ শুনানি হওঁক বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি