চকুপানী ঢাকি, হাঁহি হাঁহিয়েই যুৱৰাজক চিকিৎসাৰ সময়ত সাহস দিছিল মাতৃয়ে!

দুধাৰি লোতক ঢাকি হাঁহি হাঁহি নিজ পুত্ৰক দুৰাৰোগ্য ৰোগক পৰাভূত কৰাৰ সাহস দিয়া এগৰকী মাতৃ! পুত্ৰৰ চিকিৎসাৰত অৱস্থাত সদায় মনে মনে চকুলো টোকা এগৰকী মাতৃ।

news18assam
Updated:June 12, 2019, 1:15 PM IST
চকুপানী ঢাকি, হাঁহি হাঁহিয়েই যুৱৰাজক চিকিৎসাৰ সময়ত সাহস দিছিল মাতৃয়ে!
দুধাৰি লোতক ঢাকি হাঁহি হাঁহি নিজ পুত্ৰক দুৰাৰোগ্য ৰোগক পৰাভূত কৰাৰ সাহস দিয়া এগৰকী মাতৃ! পুত্ৰৰ চিকিৎসাৰত অৱস্থাত সদায় মনে মনে চকুলো টোকা এগৰকী মাতৃ।
news18assam
Updated: June 12, 2019, 1:15 PM IST
মা! এক নিস্বাৰ্থ প্ৰেম আৰু প্ৰেৰণাৰ প্ৰতীক। সদায়েই নিজ সন্তানক লৈ সপোন দেখে মাতৃয়ে। ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ বাবেও ‘মা’  জীয়াই থকাৰ অন্যতম সাহস। কোনো দিনে য়ুৱীক  হতাশ হ’বলৈ দিয়া নাই মাতৃ স্বৱনম সিঙে।

২০১১ৰ বিশ্বকাপৰ সময়ত কৰ্কট ৰোগত আক্ৰান্ত হৈছিল যুৱৰাজ। খবৰটো শুনি ভাগি পৰিছিল যুৱৰাজ।  জীয়াই থকাৰ সম্ভাৱনা নেদেখি যুৱৰাজ একেবাৰেই হতাশ হৈ পৰিছিল।



সেই সময়ত মাতৃ স্বৱনমে দিয়া সাহসে মৃত্যুকো যেন জিনি আহিছিল! আৰু সম্পূৰ্ণ এটা বছৰৰ পিছত ক্ৰিকেটৰ জগতত নিজৰ প্ৰতিভা আকৌ এবাৰ প্ৰমাণ কৰিবলৈ উঠি পৰি লাগিছিল ছিক্সাৰ কিঙে। আৰু সেইদিনটো আছিল মাতৃ স্বৱনম সিঙৰ বাবে অত্যন্ত কষ্টকৰ। পুত্ৰক আকৌ এবাৰ খেলপথাৰত দেখি আনন্দতে চকুলো বৈ আহিছিল মাতৃ স্বৱনম সিঙৰ।



যুৱৰাজৰ মাতৃ স্বৱনম সিঙে যিদৰে নিজৰ কষ্ট ঢাকি, পুত্ৰৰ তেনে অৱস্থাৰ মাজতো যিদৰে সাহস দিলে সেয়া সঁচাই প্ৰতিগৰাকী মাতৃৰ বাবেই বহুত কষ্টকৰ। আমেৰিকাত চিকিৎসাৰত অৱস্থাত দুধাৰি লোতক ঢাকি পুত্ৰৰ সৰ্বোতপ্ৰকাৰৰ প্ৰেৰণাৰ উৎস হৈ পৰিছিল মাতৃ স্বৱনম সিং।



য়ুৱীৰ দেহত হনা প্ৰতিটো বেজীৰ খুচে  আচঁল তিয়াইছিল মাতৃ স্বৱনম সিং।তথাপিও পুত্ৰৰ সন্মুখত কোনোদিন ভাগি নপৰিল স্বৱনম সিং, কোনো দিন যুৱৰাজৰ ওচৰত প্ৰকাশ নকৰিলে সেই কষ্টকৰ মুহূৰ্তবোৰ। সদায় হাঁহিয়েই দি গৈছিল জীয়াই থকাৰ সাহস।
আৰু চাওক পৰৱৰ্তী বাতৰি