உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • চিকাৰক তৰল পদাৰ্থলৈ পৰিণত কৰি পেলায় এই সৰু কীটে, ঘৰত দেখিলে শীঘ্ৰে শেষ কৰক!

    চিকাৰক তৰল পদাৰ্থলৈ পৰিণত কৰি পেলায় এই সৰু কীটে, ঘৰত দেখিলে শীঘ্ৰে শেষ কৰক!

    হেমাৰহেড ৱৰ্মৰ চিকাৰ কৰাৰ পদ্ধতি একেবাৰে পৃথক। এই কীটে অদ্ভুত ধৰণে চিকাৰ কৰে। ই চিকাৰ দেখিলেই তাৰ আশে পাশে এক আঠাজাতীয় তৰল পদাৰ্থ এৰি দিয়ে।

    • Share this:
    বিচিত্ৰ ধৰণৰ জীৱ আছে এই বিশ্বত। ইয়াৰ ভিতৰত কিছুমান জীৱৰ কথা আমি জানো, কিছুমানৰ কথা কম জানো বা নাজানো। কিছুমান কীট–পতংগ উপকাৰী হোৱাৰ বিপৰীতে কিছুমান থাকে বিষাক্ত আৰু ভয়ংকৰ।

    এনেকুৱাই এবিধ কীট হ’ল হেমাৰহেড ৱৰ্ম (Hammerhead Worm)। নামৰ পৰাই বুজিব পাৰি যে ইয়াৰ মূৰ হাতুৰীৰ আকৃতিৰ হয়। আকাৰত ডাঙৰ নহ’লেও ই ইমানেই ভয়ংকৰ যে নিজৰ চিকাৰক তৰল পদাৰ্থলৈ ৰূপান্তৰ কৰি পেলায় আৰু তাৰ পিছত ভক্ষণ কৰে।

    হেমাৰহেড ৱৰ্মৰ চিকাৰ কৰাৰ পদ্ধতি একেবাৰে পৃথক। এই কীটে অদ্ভুত ধৰণে চিকাৰ কৰে। ই চিকাৰ দেখিলেই তাৰ আশে পাশে এক আঠাজাতীয় তৰল পদাৰ্থ এৰি দিয়ে। চিকাৰ তাত আবদ্ধ হ’লে হেমাৰহেডে tetrodotoxin নামৰ এক কেমিকেল নিৰ্গত কৰে, যিয়ে চিকাৰক তৰল পদাৰ্থলৈ ৰূপান্তৰ কৰে। আৰু তৰল পদাৰ্থ হেমাৰহেডে পান কৰে।

    ই কেঁচুজাতীয় কীট চিকাৰ কৰে। হেমাৰহেড বেছিকৈ ইউৰোপ আৰু আমেৰিকাত পোৱা যায়। ভাল কথাটো হৈছে ই মানুহ বা জন্তুক কোনোধৰণৰ অন্যায় নকৰে, কিন্তু গছ–লতাৰ ক্ষতি কৰে। গছ পুলিৰ বৃদ্ধিৰ বাবে সহায়ক কেঁচু ইয়াৰ মুখ্য আহাৰ। সেয়েহে কেঁচু শত্ৰু হেমাৰহেড প্ৰকৃতিৰ নিজই প্ৰকৃতিৰ শত্ৰ। সেয়েহে ইয়াক দেখিলে মাৰি পেলোৱাৰ পৰামৰ্শ দিয়ে বিজ্ঞানীয়েও।
    Published by:Sanjay Kumar Das
    First published: