உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Health Benefits of Mango: ফলৰ ৰজা আম সোৱাদতেই শ্ৰেষ্ঠ নহয়, আমৰ আছে বহু উপকাৰী গুণ

    Health Benefits of Mango: ফলৰ ৰজা আম সোৱাদতেই শ্ৰেষ্ঠ নহয়, আমৰ আছে বহু উপকাৰী গুণ

    Health Benefits of Mango: ফলৰ ৰজা (king of fruits) হিচাপে জনাজাত আম (Mango) হৈছে ভিটামিন আৰু খনিজ পদাৰ্থৰ এক সমৃদ্ধ উৎস।

    Health Benefits of Mango: ফলৰ ৰজা (king of fruits) হিচাপে জনাজাত আম (Mango) হৈছে ভিটামিন আৰু খনিজ পদাৰ্থৰ এক সমৃদ্ধ উৎস।

    Health Benefits of Mango: ফলৰ ৰজা (king of fruits) হিচাপে জনাজাত আম (Mango) হৈছে ভিটামিন আৰু খনিজ পদাৰ্থৰ এক সমৃদ্ধ উৎস।

    • Share this:
    গ্ৰীষ্ম কাল (Summers) আৰু আম (mangoes) সমাৰ্থক। আম অতীজৰে পৰা ভাৰতীয় পৰিয়ালৰ অবিচেছেদ্য অংশ হৈ আহিছে। আমে কেৱল সোৱাদেৰ আমাক তৃপ্ত নকৰে, লগতে প্ৰচণ্ড গৰমৰ পৰা বিৰাম দিয়াতো সহায় কৰে। আম খোৱাৰ কোনো নিৰ্দিষ্ট উপায় নাই। স্মুদিৰ পৰা শ্বেকলৈকে নাইবা কেৱল সাধাৰণভাৱে কটা টুকুৰালৈকে আমি যিকোনো প্ৰকাৰে আম খাই ভাল পাওঁ।

    আপুনি জানেনে সোৱাদৰ উপৰিও যে আমৰ বহুতো স্বাস্থ্য উপকাৰিতা আছে?  ফলৰ ৰজা (king of fruits) হিচাপে জনাজাত আম হৈছে ভিটামিন আৰু খনিজ পদাৰ্থৰ এক সমৃদ্ধ উৎস। আপোনাৰ স্বাস্থ্যৰ বাবে ইয়াত আমৰ ৫টা উপকাৰিতাৰ কথা কোৱা হৈছে।

    1. কৰ্কট (cancer) ৰোগৰ আশংকা কম কৰে: আম বিটা-কেৰোটিনত সমৃদ্ধ, যি হৈছে এণ্টিঅক্সিডেণ্ট। আমৰ এই এণ্টিঅক্সিডেণ্টবোৰে মুক্ত ৰেডিকেলৰ সৈতে যুঁজিবলৈ শক্তি দিয়ে, যি কোষবোৰৰ ক্ষতি কৰে অৱশেষত কৰ্কট ৰোগলৈ লৈ যায়।

    2. ওজন হ্ৰাস কৰা (Weight Loss): মজলীয়া পৰিমাণত সেৱন কৰিলে আমে ওজন হ্ৰাস কৰাত সহায় কৰে বুলি প্ৰমাণিত হৈছে। আমৰ ছালত ফাইটোকেমিকেল থাকে যি প্ৰাকৃতিক চৰ্বি দাহক হিচাপে কাম কৰে। আম আঁহেৰে সমৃদ্ধ, যাৰ ফলত আপুনি দীঘলীয়া সময়ৰ বাবে পেট পূৰ্ণ হৈ থকা যেন অনুভৱ কৰে আৰু উচ্চ চৰ্বিযুক্ত জলপান খাদ্য সামগ্ৰীৰ ওপৰত আপোনাৰ নিৰ্ভৰশীলতা হ্ৰাস কৰে।

    3. ছাল পৰিষ্কাৰ কৰে: আমত ভিটামিন এ আৰু চি (Vitamins A, C) থাকে যিবোৰ ছালৰ অনুকূল আৰু ছালৰ স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ। ফলটোৱে এক্সফলিয়েচনত সহায় কৰাৰ লগতে বন্ধ ছিদ্ৰবোৰ আঁতৰ কৰাটো প্ৰমাণিত হৈছে। ছালৰ তেল উৎপাদন হ্ৰাস কৰাত আম কামত আহিব পাৰে।

    4. ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰা: ভিটামিন এ আৰু চি, কপাৰ, ফলেট, ভিটামিন ই, আৰু বিভিন্ন বি ভিটামিন এণ্টিঅক্সিডেণ্টৰ সৈতে আমত পোৱা যায়, যি শৰীৰৰ সামগ্ৰিক ৰোগ প্ৰতিৰোধ ক্ষমতা (immune system) উন্নত আৰু শক্তিশালী কৰাত সহায় কৰে।

    5. হৃদযন্ত্ৰৰ স্বাস্থ্য: আমে হৃদযন্ত্ৰৰ স্বাস্থ্য বৃদ্ধি কৰে, কিয়নো ই আঁহ, পটাছিয়াম আৰু ভিটামিনৰ দৰে পুষ্টিৰে সমৃদ্ধ। এই পুষ্টিবোৰে হৃদৰোগৰ আশংকা হ্ৰাস কৰাৰ সময়ত ধমনীবোৰ খোলা ৰখাত সহায় কৰে।
    Published by:Manjumoni Borah
    First published: