এক দেশ, এক কণ্ঠ – ২০০ৰো অধিক কণ্ঠশিল্পীয়ে একেলগে গালে ‘জয়তু জয়তু ভাৰতম’

News18 Assam | News18-Assam
Updated:May 17, 2020, 12:57 PM IST
এক দেশ, এক কণ্ঠ – ২০০ৰো অধিক কণ্ঠশিল্পীয়ে একেলগে গালে ‘জয়তু জয়তু ভাৰতম’
এই গীতটোত সন্নিৱিষ্ট কৰা হৈছে ১৬টাকৈ ভাৰতীয় ভাষা।

এই গীতটোত সন্নিৱিষ্ট কৰা হৈছে ১৬টাকৈ ভাৰতীয় ভাষা।

  • Share this:
আত্মনিৰ্ভৰশীল ভাৰতক উদগনি দিয়াৰ উদ্দেশ্যে দেশৰ ২০০ৰো অধিক প্ৰতিষ্ঠিত কণ্ঠশিল্পীয়ে একেলগে কণ্ঠদান কৰিলে এটা গীটত। ‘জয়তু জয়তু ভাৰতম’ শীৰ্ষক গীতটোত কণ্ঠদান কৰিছে ইণ্ডিয়ান ছিংগাৰ ৰাইটছ এছ’চিয়েচনৰ অধীনৰ ২০০ৰো অধিক জনপ্ৰিয় কণ্ঠশিল্পীয়ে। Network18ৰ সমৰ্থনত প্ৰসূন যোশীয়ে লিখা গীতটো প্ৰস্তুত কৰিছে শংকৰ মহাদেৱনে।

এই গীতটোত সন্নিৱিষ্ট কৰা হৈছে ১৬টাকৈ ভাৰতীয় ভাষা। ইয়াৰ ভিতৰত আছে সংস্কৃত, হিন্দী, তামিল, তেলেগু, কানাড়া, মালায়ালম, গুজৰাটী, মাৰাঠী, বেংগলী, পঞ্জাবী, অসমীয়া, ৰাজস্থানীয়, ভোজপুৰী, সিন্ধি, ওড়িয়া, খাচী ইত্যাদি।

গীতটোত কণ্ঠদান কৰিছে আশা ভোশলে, আলকা য়াগনিক, অনুপ জালোটা, হৰিহৰণ, ছনু নিগম, কৈলাশ খেৰ, কবিতা কৃষ্ণমূৰ্তি, কুমাৰ ছানু, এছ পি বালাসুব্ৰমনিয়াম, শংকৰ মহাদেৱন, ছান, পাপন আদিকে ধৰি দুশৰো অধিক কণ্ঠশিল্পীয়ে।

আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading