নিয়ম মতে মানী প্লেণ্ট ৰাখিলে আপোনাৰ বিত্তীয় সংকট দূৰ হ'ব পাৰে! কিন্তু বহু সময়ত দেখা যায় যে ঘৰত মানী প্লেণ্ট ৰখাৰ পিছতো বিত্তীয় খেলিমেলি দূৰ নহয়। ঘৰত মানী প্লেণ্ট ৰাখিবলৈ কিছুমান বিশেষ নিয়ম মানি চলাটো অতি প্ৰয়োজন।
নিয়ম মতে মানী প্লেণ্ট ৰাখিলে আপোনাৰ বিত্তীয় সংকট দূৰ হ'ব পাৰে! কিন্তু বহু সময়ত দেখা যায় যে ঘৰত মানী প্লেণ্ট ৰখাৰ পিছতো বিত্তীয় খেলিমেলি দূৰ নহয়। ঘৰত মানী প্লেণ্ট ৰাখিবলৈ কিছুমান বিশেষ নিয়ম মানি চলাটো অতি প্ৰয়োজন।
ধন-সম্পদৰ গৰাকী হ'বলৈ সকলোৰে মন যায়, কিন্তু কম লোকেহে বিচৰা মতে ধন-সম্পত্তি পায়। ধন লাভ কৰিবলৈ মানুহে বিভিন্ন ধৰণৰ নীতি-নিয়ম মানি চলাও দেখা যায়। বহুতে বাস্তু শাস্ত্ৰৰ নিয়মো মানি চলে আৰু ঘৰত মানী প্লেণ্ট (Money Plant) ৰাখে।
বাস্তু শাস্ত্ৰ (Vaastu Shastra) ৰ মতে ঘৰত মানী প্লেণ্ট ৰাখিলে ধন লাভ হয় বুলি বিশ্বাস কৰা হয়। ঘৰৰ উপৰি কাৰ্যালয় বা দোকান-পোহাৰ আদিটো মানী প্লেণ্ট ৰাখিব পাৰে। নিয়ম মতে মানী প্লেণ্ট ৰাখিলে আপোনাৰ বিত্তীয় সংকট দূৰ হ'ব পাৰে! কিন্তু বহু সময়ত দেখা যায় যে ঘৰত মানী প্লেণ্ট ৰখাৰ পিছতো বিত্তীয় খেলিমেলি দূৰ নহয়। আৰু বহুতে ইয়াৰ কাৰণ নাজানি হাহাকাৰ কৰি ফুৰে। আচলতে আপুনি জানেনে যে ঘৰত মানী প্লেণ্ট ৰাখিবলৈ কিছুমান বিশেষ নিয়ম মানি চলাটো অতি প্ৰয়োজন।
এই দিশত মানী প্লেণ্ট নাৰাখিব
অৰ্থনৈতিক সমৃদ্ধিৰ বাবে ঘৰত সঠিক দিশত মানী ৰখাটো অতি জৰুৰী। মানী প্লেণ্ট ঘৰৰ উত্তৰ-পূব দিশত কেতিয়াও নাৰাখিব। উত্তৰ-পূব দিশত মানী প্লেণ্ট ৰাখিলে গৃহস্থ ঋণত পোত যায়। ইয়াৰ উপৰি ঋণাত্মক শক্তি ঘৰত প্ৰৱেশ কৰে। সদায় ঘৰৰ দক্ষিণ-পূৱ দিশত মানী প্লেণ্ট ৰাখিব লাগে ।
মানী প্লেণ্ট মাটিত নাৰাখিব
মানী প্লেণ্ট দ্ৰুতগতিত বৃদ্ধি হয়। মানী প্লেণ্টৰ লতা হৈছে প্ৰগতি আৰু শান্তিৰ প্ৰতীক। মানী প্লেণ্টৰ লতাই মাটি স্পৰ্শ কৰিব নালাগে। ৰছী বা লাঠিৰ সহায়ত ওপৰলৈ যোৱাৰ সুবিধা কৰি দিব লাগে।
মানী প্লেণ্ট শুকাই যোৱাটো দুৰ্ভাগ্যৰ চিন
বাস্তু শাস্ত্ৰ মতে ঘৰত ৰখা মানী প্লেণ্ট শুকাই যোৱা মানে দুৰ্ভাগ্য আৰম্ভ হোৱা। ই ঘৰৰ আৰ্থিক ক্ষতিগ্ৰস্ত কৰে। সেয়ে মানী প্লেণ্টত নিয়মিয়াকৈ পানী দি থাকিব লাগে। যদি ইয়াৰ পাতবোৰ শুকাবলৈ আৰম্ভ কৰে, সেই অংশবোৰ তৎক্ষণাৎ কাটি দিয়ক।
এনে ঠাইত মানী প্লেণ্ট নাৰাখিব
মানী প্লেণ্ট সদায় ঘৰৰ ভিতৰত ৰাখিব লাগে। বাস্তু অনুসৰি ঘৰৰ বাহিৰত মানী প্লেণ্ট ৰোপণ কৰিব নালাগে। এনে কৰিলে মানী প্লেণ্ট সোনকালে শুকাই যায় আৰু তেতিয়া মানুহৰ অৰ্থনৈতিক ক্ষতি হয়।
মানী প্লেণ্ট উপহাৰ হিচাপে নিদিব
বাস্তু শাস্ত্ৰ মতে মানী প্লেণ্ট কেতিয়াও কাকো উপহাৰ দিব নালাগে। বিশ্বাস অনুসৰি মানী প্লেণ্ট উপহাৰ দিলে শুক্ৰ দেৱ ক্ৰোধিত হয়। শুক্ৰ দেৱক সুখ আৰু শান্তিৰ প্ৰতীক বুলিও গণ্য কৰা হয়। এই কাৰণতে আনক মানী প্লেণ্ট উপহাৰ দিব নালাগে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|