• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Money Mantra Astrology 12 September : দিনটোত হাতলৈ ধন আহিব নে লোকচানৰ সন্মুখীন হব? চাওক ৰাশিফল অনুসৰি ১২ ছেপ্টেম্বৰৰ মানীমন্ত্ৰ

Money Mantra Astrology 12 September : দিনটোত হাতলৈ ধন আহিব নে লোকচানৰ সন্মুখীন হব? চাওক ৰাশিফল অনুসৰি ১২ ছেপ্টেম্বৰৰ মানীমন্ত্ৰ

মানী এষ্ট্ৰোলজীৰ আধাৰতে আজিৰ দিনটোৰ আপোনাৰ ৰাশি অনুযায়ী ধনস্থানৰ সবিশেষ জানিবলৈ পঢ়ক মানী মন্ত্ৰ

মানী এষ্ট্ৰোলজীৰ আধাৰতে আজিৰ দিনটোৰ আপোনাৰ ৰাশি অনুযায়ী ধনস্থানৰ সবিশেষ জানিবলৈ পঢ়ক মানী মন্ত্ৰ

মানী এষ্ট্ৰোলজীৰ আধাৰতে আজিৰ দিনটোৰ আপোনাৰ ৰাশি অনুযায়ী ধনস্থানৰ সবিশেষ জানিবলৈ পঢ়ক মানী মন্ত্ৰ

  • Share this:
জ্যোতিষ শাস্ত্ৰ মতে মানুহে ধন আহৰণ আৰু জমাকৰণৰ ক্ষেত্ৰত কৰা নানা ভুলৰ বাবেই বহু আৰ্জিও ধনৱান হ'ব নোৱাৰে, বহু কষ্ট কৰিও প্ৰাপ্য ধন লাভ নকৰে বা ধন লাভ কৰিলেও নানা অজুহাতেৰে খৰচ হৈ যায়।

কিন্তু আপুনি যদি আগতীয়াকৈ জানিব পাৰে আপোনাৰ দিনটোৰ ধনস্থান কেনেকুৱা তেন্তে সেই অনুসৰি আপুনি নিজৰ বিত্তীয় সিদ্ধান্ত ল'ব পাৰে আৰু ধনৰ ক্ষতি হোৱাৰ পৰা বাচিব পাৰে। জ্যোতিষ শাস্ত্ৰৰ মানী এষ্ট্ৰোলজী (Money Mantra Astrology)ৰ  আধাৰতে আজিৰ দিনটোৰ আপোনাৰ ৰাশি অনুযায়ী ধনস্থানৰ সবিশেষ জানিবলৈ পঢ়ক মানী মন্ত্ৰ-

মেষ ৰাশি (Aries ) : জীৱনশৈলীৰ উন্নতি হ’ব, যাৰ বাবে কিছু টকা খৰচ কৰিব লাগিব পাৰে। কেৰিয়াৰত আপুনি পাব শুভ অফাৰ। অৰ্থনৈতিক লাভ পাব। আপোনজনৰ সৈতে স্মৰণীয় মুহূৰ্ত শ্বেয়াৰ কৰিব।

লাকী নম্বৰ: ৮, লাকী ৰং: নীলা, প্ৰতিকাৰঃ পৰুৱাক চেনি দিয়ক

বৃষ ৰাশি (Taurus) : আন কাৰোবাৰ প্ৰলোভনত নপৰিব, লোকচান হ'ব পাৰে। নীতিনিয়ম মানি চলক। পৰম্পৰাগত কামত নিয়োজিত হওক। আপোনজনৰ পৰা পৰামৰ্শ ল'ব। বিনিয়োগৰ পৰা লাভ পাব।

লাকী নম্বৰ: ৬ লাকী ৰং: গুলপীয়া, প্ৰতিকাৰ: মাছক খাদ্য দিয়ক।

মিথুন ৰাশি (Gemini ) :  আজি এটা ভাল দিন, এজন সন্মানীয় ব্যক্তিৰ নিৰ্দেশনাত আপোনাৰ পথ সহজ হৈ পৰিব। লাভৰ নতুন পথ দেখা যাব। ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰলোভনৰ পৰা নিজকে আঁতৰাই ৰাখক, নহ’লে আপুনি কোনো ধৰণৰ অভিযোগত আবদ্ধ হৈ পৰিব পাৰে। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ’ব।

লাকী নম্বৰ: ৪ লাকী ৰং: সেউজীয়া, প্ৰতিকাৰ: পিতৃ-মাতৃৰ আশীৰ্বাদ লওক।

কৰ্কট (Cancer ) : মৰম আৰু বুজাবুজি দেখা যাব ঘৰত। আপুনি কাম কৰি থকা প্ৰজেক্ট আৰু গৱেষণাত সফলতা লাভ কৰিব আৰু ভাগ্যই আপোনাক সহায় কৰিব। ব্যৱসায়ৰ লগত জড়িত লোকে লাভ কৰিব ধন।

লাকী নম্বৰ: ২ লাকী ৰং: নীলা, প্ৰতিকাৰ: গৰুক সেউজীয়া খাদ্য খুৱাব লাগে।

সিংহ ৰাশি (Leo) : দিনটো অনুকূল হ'ব, বাকী থকা জৰুৰী কাম আজি সহজে সম্পূৰ্ণ হ'ব। পাৰস্পৰিক বিশ্বাসৰ সহায়ত পাৰিবাৰিক সম্পৰ্ক শক্তিশালী হৈ উঠিব। টকা লাভৰ সম্ভাৱনাও আছে। ক্ষিপ্ৰ সফলতাৰ সন্ধানত অনুপযুক্ত কাৰ্যত গুৰুত্ব নিদিব।

লাকী নম্বৰ: ৮ লাকী ৰং: বাদামী, প্ৰতিকাৰ: দেৱী লক্ষ্মীক পূজা কৰক।

কন্যা ৰাশি (Virgo) : দিনটো অতি সুন্দৰ, পৰিয়ালৰ এজন সদস্যই আপোনাৰ প্ৰতিপত্তি বৃদ্ধি কৰিব আৰু সন্মান লাভ কৰিব। প্ৰগতিৰ বাবে নতুন পথ আৰু বিকল্প বিচাৰি উলিওৱাটো প্ৰয়োজনীয়। আজি সম্পত্তি ব্যৱসায়ীৰ বাবে অধিক উপকাৰী। খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক।

লাকী নম্বৰ: ৩ লাকী ৰং: পাতল হালধীয়া, প্ৰতিকাৰ: হনুমান চলিছা আবৃত্তি কৰক।

তুলা ৰাশি (Libra ) :  বিষয়াসকলৰ পৰা বিশেষ স্বীকৃতি লাভ কৰিব। আজি আনক দিয়া ধন লাভ কৰিব। অপ্ৰয়োজনীয় খৰচ কৰ্তন কৰক। কৰ্মক্ষেত্ৰত আপোনাৰ পক্ষত পৰিৱৰ্তন হ’ব পাৰে। যিকোনো ডাঙৰ অনুষ্ঠানত বন্ধু-বান্ধৱীৰ সহায় লাভ কৰিব।

লাকী নম্বৰ: ০, লাকী ৰং: আকাশী নীলা, প্ৰতিকাৰ: গুৰু বা ছিনিয়ৰৰ আশীৰ্বাদ লওক।

বৃশ্চিক ৰাশি (Scorpio) :  আজি আপোনাৰ মনটো সুখী হ'ব, আপোনাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ মাজত এটা সুন্দৰ দিন পাৰ হ'ব। ব্যৱসায়ীসকল অতি সচেতন হোৱাটো প্ৰয়োজন। বিত্তীয় বিষয়বোৰ সমাধান হ’ব পাৰে আৰু আপোনাৰ আয়ো বৃদ্ধি পাব পাৰে।

লাকী নম্বৰ: ৫ লাকী ৰং: কমলা, প্ৰতিকাৰ- গণেশক লাড়ু আগবঢ়াই দিব।।

ধনু ৰাশি (Sagittarius ) : যিকোনো ধৰণৰ ৰাজনীতি কৰাৰ পৰা আঁতৰি থাকক, নিজৰ কামত মনোনিৱেশ কৰক। মনত নতুন কিবা এটা চেষ্টা কৰাৰ উৎসাহ আৰু আবেগ থাকিব। কাৰোবাৰ ওপৰত অত্যধিক বিশ্বাস কৰিলে আৰ্থিক লোকচান হ’ব পাৰে। পাৰিবাৰিক জীৱনৰ পৰিৱেশ সুখদায়ক হ’ব।

লাকী নম্বৰ : ৯, লাকী ৰং - সোণালী, প্ৰতিকাৰ- শিৱ চালিছা আবৃত্তি কৰক।

মকৰ ৰাশি (Capricorn) : উদাৰ মনোভাৱে মানুহক বহুত আপ্লুত কৰিব। দ্ৰুত ধন উপাৰ্জন কৰিবলৈ ভুল আঁচনিত মূলধন বিনিয়োগ নকৰিব আৰু সাৱধান হওক। পঢ়া-শুনাত আপোনাৰ প্ৰদৰ্শন ভাল হ’ব। বিয়া কৰোৱাসকলে সন্তানৰ সুখ পাব।

ভাগ্যৰ সংখ্যা : ৭, ভাগ্যৰ ৰং - ক’লা, প্ৰতিকাৰ- যিকোনো ধৰণৰ বগা বস্তু দান কৰক।

কুম্ভ ৰাশি (Aquarius) : কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভা দেখুৱাবলৈ সুযোগ পাব। উপাৰ্জন বৃদ্ধিৰ বাবেও কিছু ভাল সুযোগ পাব পাৰে আৰু ব্যৱসায়ীসকলৰ বাবে আয় অৰ্জনৰ দিন। পৰিয়ালত আপোনাৰ ইতিবাচক আচৰণে মানুহক আপ্লুত কৰিব।

লাকী নম্বৰ: ৬ লাকী ৰং - ভায়োলে, প্ৰতিকাৰ- ভগৱান গণেশক মোদক অৰ্পণ কৰক।

মীন (Pisces ) : দিনটোৱে সফলতা দিবলৈ গৈ আছে। আজিৰ দিনটো নতুন আশাৰে আৰম্ভ কৰিব। মাটিৰ লগত জড়িত লোকে কাম বৃদ্ধি কৰিব পাৰে। ব্যৱসায়ত কোনোধৰণৰ পৰিৱৰ্তন কৰাৰ আগতে আপুনি জ্যেষ্ঠসকলৰ পৰামৰ্শ ল’ব লাগিব, নহ’লে লোকচান হ’ব পাৰে।

লাকী নম্বৰ: ৩ লাকী ৰং - ৰঙা, প্ৰতিকাৰ- শিৱ চালিছা আবৃত্তি কৰক।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি