• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Money Mantra Astrology 1 October : আপোনাৰ দিনটোৰ ধনস্থান কেনেকুৱা? চাওক ৰাশিফল অনুসৰি ১ অক্টোবৰৰ মানীমন্ত্ৰ

Money Mantra Astrology 1 October : আপোনাৰ দিনটোৰ ধনস্থান কেনেকুৱা? চাওক ৰাশিফল অনুসৰি ১ অক্টোবৰৰ মানীমন্ত্ৰ

মানী এষ্ট্ৰোলজীৰ আধাৰতে আজিৰ দিনটোৰ আপোনাৰ ৰাশি অনুযায়ী ধনস্থানৰ সবিশেষ জানিবলৈ পঢ়ক মানী মন্ত্ৰ

মানী এষ্ট্ৰোলজীৰ আধাৰতে আজিৰ দিনটোৰ আপোনাৰ ৰাশি অনুযায়ী ধনস্থানৰ সবিশেষ জানিবলৈ পঢ়ক মানী মন্ত্ৰ

মানী এষ্ট্ৰোলজীৰ আধাৰতে আজিৰ দিনটোৰ আপোনাৰ ৰাশি অনুযায়ী ধনস্থানৰ সবিশেষ জানিবলৈ পঢ়ক মানী মন্ত্ৰ

  • Share this:
জ্যোতিষ শাস্ত্ৰ মতে মানুহে ধন আহৰণ আৰু জমাকৰণৰ ক্ষেত্ৰত কৰা নানা ভুলৰ বাবেই বহু আৰ্জিও ধনৱান হ'ব নোৱাৰে, বহু কষ্ট কৰিও প্ৰাপ্য ধন লাভ নকৰে বা ধন লাভ কৰিলেও নানা অজুহাতেৰে খৰচ হৈ যায়।

কিন্তু আপুনি যদি আগতীয়াকৈ জানিব পাৰে আপোনাৰ দিনটোৰ ধনস্থান কেনেকুৱা তেন্তে সেই অনুসৰি আপুনি নিজৰ বিত্তীয় সিদ্ধান্ত ল'ব পাৰে আৰু ধনৰ ক্ষতি হোৱাৰ পৰা বাচিব পাৰে। জ্যোতিষ শাস্ত্ৰৰ মানী এষ্ট্ৰোলজী (Money Mantra Astrology)ৰ  আধাৰতে আজিৰ দিনটোৰ আপোনাৰ ৰাশি অনুযায়ী ধনস্থানৰ সবিশেষ জানিবলৈ পঢ়ক মানী মন্ত্ৰ-

মেষ ৰাশি (Aries ) : কৰ্মস্থলীত বিষয়াসকলৰ সৈতে সম্পৰ্ক বৃদ্ধি হ’ব পাৰে। পৰিৱৰ্তনক সহজে গ্ৰহণ কৰক। টকা-পইচা আৰু লাভৰ পৰিমাণ থাকিব। ব্যৱসায়ত অগ্ৰগতি হ’ব।
প্ৰতিকাৰ: ভগৱান গণেশক পূজা কৰা।

বৃষ ৰাশি (Taurus) :  অফিচত কথা নোপোৱাকৈ চিন্তাই আপোনাক আমনি কৰিব। অৰ্থনৈতিক অৱস্থা উন্নত হোৱাৰ সম্ভাৱনা আছে। প্ৰয়োজন নিয়ন্ত্ৰণ কৰক নহ’লে ব্যয় বেছি হ’ব। একে সময়তে দুটা প্ৰজেক্টত কাম নকৰিব।
প্ৰতিকাৰঃ হনুমান মন্দিৰত বজৰং বান আবৃত্তি কৰক।

মিথুন ৰাশি (Gemini ) :  ব্যৱসায়ত অসুবিধা হ’ব পাৰে। প্ৰতিশোধৰ ভাব লৈ অফিচত কোনো কাম নকৰিব। আপোনজনৰ লগত বিবাদ বাঢ়িব পাৰে। চখতে খৰচ কৰিলে ঋণ হ’ব পাৰে। প্ৰতিকাৰ: ভগৱান সূৰ্যৰ পূজা কৰা।

কৰ্কট (Cancer ) : দীৰ্ঘদিন ধৰি স্থবিৰ হৈ থকা প্ৰজেক্টবোৰে মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। অৰ্থনৈতিক অৱস্থাৰ উন্নতি হ’ব। আৱেগেৰে বোৱাই নি কাকো কোনো প্ৰতিশ্ৰুতি নিদিব, ভৱিষ্যতে অনুতাপ কৰিবলগীয়া হ’ব পাৰে।
প্ৰতিকাৰ: ভগৱান গণেশক ৰঙা ৰঙৰ ৰস অৰ্পণ কৰক।

সিংহ ৰাশি (Leo) : যদি আপুনি আৰ্থিক অসুবিধাৰ পৰা হাত সাৰিব বিচাৰে, তেন্তে ইজনে সিজনৰ লগত কোনো ধৰণৰ চুক্তি নকৰিব, নহ’লে লোকচান হ’ব পাৰে। অহৰহ সমস্যাৰ বাবে আপোনাৰ মনোবল দুৰ্বল হৈ পৰিব। ব্যৱসায়ীৰ বাবে দিনটো স্বাভাৱিক হ’ব।
প্ৰতিকাৰ: গোশালালৈ দান কৰক।

কন্যা ৰাশি (Virgo) : কাৰ্যালয়ত জবাবদিহিতা বৃদ্ধি পাব। নতুন মানুহক বিশ্বাস কৰাৰ আগতে সম্পূৰ্ণ তদন্ত কৰক নহ’লে আইনী বিবাদত আবদ্ধ হ’ব পাৰে। বিনিয়োগৰ বাবে ভাল দিন কিন্তু নিশ্চিতভাৱে বিশেষজ্ঞৰ পৰা পৰামৰ্শ লওক।
প্ৰতিকাৰ: বুধ গ্ৰহৰ লগত জড়িত বস্তু দান কৰক।

তুলা ৰাশি (Libra ) : নিত্য বৃদ্ধি পোৱা প্ৰয়োজনীয়তাই আপোনাক আৰ্থিকভাৱে অশান্তি দিব, আনকি ঋণ ল’বলগীয়া হ’ব পাৰে। প্ৰজেক্টটো সময়মতে শেষ কৰিবলৈ চেষ্টা কৰক। ব্যৱসায়ীসকলে সুবিধা পাব, আপোনাৰ পইণ্টসমূহ সঠিকভাৱে উপস্থাপন কৰিব।
প্ৰতিকাৰঃ পৰুৱাক আটা দিব।

বৃশ্চিক ৰাশি (Scorpio) : পাৰিবাৰিক সমস্যা বাঢ়িব পাৰে, যাৰ ফলত কাৰ্যালয়ৰ কাম-কাজত প্ৰভাৱ পৰিব। দুয়োটাকে পৃথকে পৃথকে ৰখাই ভাল। সময়মতে সিদ্ধান্ত ল'বলৈ চেষ্টা কৰক। নতুন নতুন চাকৰিৰ সুযোগ সৃষ্টি হৈছে।
প্ৰতিকাৰ: জীৱ-জন্তুবোৰক খাদ্য দিয়ক।

ধনু ৰাশি (Sagittarius ) : অৰ্থনৈতিক অৱস্থা উন্নত হোৱাৰ সম্ভাৱনা আছে। উন্নত বিনিয়োগৰ সুযোগ লাভ কৰিব। আপোনজনৰ প্ৰয়োজন পূৰণৰ বাবে ব্যয় হ’ব বহু টকা। ব্যৱসায়ীসকলে বুদ্ধিমানৰ দৰে সিদ্ধান্ত লওক।
প্ৰতিকাৰ: মা সৰস্বতীক পূজা কৰা।

মকৰ ৰাশি (Capricorn) : টকা-পইচা সম্পৰ্কীয় সমস্যা থাকিব। আৰ্থিক অৱস্থাক লৈ মনত উদ্বেগ থাকিব। অপ্ৰয়োজনীয় খৰচৰ বাবে ঋণ ল’বলগীয়া হ’ব পাৰে। মাটিত বিনিয়োগ কৰিলে লাভ হ’ব৷ প্ৰতিকাৰ: শিৱলিংগৰ অভিষেক সম্পন্ন কৰক।

কুম্ভ ৰাশি (Aquarius) : অফিচৰ কামক লৈ অপ্ৰয়োজনীয় চিন্তাত নাথাকিব। মনত বিক্ষিপ্ততা থাকিব। পাৰিবাৰিক জীৱনতো হুলস্থুল হ’ব। ব্যৱসায়ীসকলৰ বাবে হতাশাৰে ভৰি পৰিব দিনটো।
প্ৰতিকাৰঃ ভৈৰৱ মন্দিৰত পতাকা অৰ্পণ কৰক।

মীন (Pisces ) : স্থবিৰ হৈ পৰা কামবোৰক লৈ উদ্বেগ থাকিব। অৰ্থনৈতিক অৱস্থা উন্নত হোৱাৰ সম্ভাৱনা থাকিব, নতুন বিনিয়োগৰ সুযোগ লাভ কৰিব। চাকৰি বিচৰাসকলে পদোন্নতি লাভ কৰাৰ সম্ভাৱনা আছে।
প্ৰতিকাৰ: শ্ৰীসুক্ত আবৃত্তি কৰক।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি