স্বচ্ছ ভাৰত অভিযানৰ দৰে জল সংৰক্ষণতো দেশবাসীয়ে কৰিব লাগিব প্ৰত্যক্ষ অংশগ্ৰহণ

জলসংকট সমস্যাৰ দূৰ কৰিবলৈ কৰক বৰষুণৰ পানী সংৰক্ষণ। দ্বিতীয় কাৰ্যকালৰ প্ৰথমটো ‘মন কী বাত’ অনুষ্ঠান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

News18-Assam
Updated:July 1, 2019, 9:17 AM IST
স্বচ্ছ ভাৰত অভিযানৰ দৰে জল সংৰক্ষণতো দেশবাসীয়ে কৰিব লাগিব প্ৰত্যক্ষ অংশগ্ৰহণ
জলসংকট সমস্যাৰ দূৰ কৰিবলৈ কৰক বৰষুণৰ পানী সংৰক্ষণ। দ্বিতীয় কাৰ্যকালৰ প্ৰথমটো ‘মন কী বাত’ অনুষ্ঠান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
News18-Assam
Updated: July 1, 2019, 9:17 AM IST
দ্বিতীয়বাৰলৈ ক্ষমতাত অধিস্থিত হৈ দেওবাৰে প্ৰথমবাৰৰ কাৰণে মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নিৰ্বাচনত বিপুল সমৰ্থন দিয়াৰ বাবে দেশবাসীক অনুষ্ঠানতে কৃতজ্ঞতা জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অনুষ্ঠানত ৭৫ৰ জৰুৰীকালীন অৱস্থাই জনতাৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিছিল বুলি মন্তব্য কৰি মোদীয়ে কয় যে দেশবাৰীৰ ৰন্ধে ৰন্ধে আছে গণতন্ত্ৰ। গণতন্ত্ৰ ৰক্ষা কৰিবলৈ বিজেপি চৰকাৰে দায়বদ্ধ বুলি মন কী বাতত মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

সেইদৰে নিজৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমটো মন কী বাতত দেশবাসীক জলসংকট দূৰ কৰাৰ উদ্দেশ্যে সমগ্ৰ দেশবাসীক বৰষুণৰ পানী সংৰক্ষণ কৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে কয় যে জল সম্বন্ধীয় বিষয়ত বিগত কেইবামাহ ধৰি তেঁওলৈ বহু প্ৰত্ৰ প্ৰেৰণ কৰা হৈছে। জল সংৰক্ষণকলৈ দেশবাসীৰ যি সচেতনতা বৃদ্ধি হৈছে,তাৰ বাবে তেঁও অতি আনন্দিত বুলি মত প্ৰকাশ কৰে।

সেইদৰে  বৰষুণৰ পানী সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিত ভূমিকা ল’বলৈ সমাজৰ বিশিষ্ট লোকসকলক তেঁও অনুৰোধ জনাব বুলি উল্লেখ কৰি বৰষুণৰ পানী সংগ্ৰহৰ প্ৰাচীন প্ৰদ্ধতি ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।লগতে স্বচ্ছ ভাৰত অভিযানৰ দৰে জল সংৰক্ষণতো দেশবাসীক প্ৰত্যক্ষ অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি