মন কী বাত’ত দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ!

দেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে স্থান পাই প্ৰধানমন্ত্ৰীৰ এইবাৰৰ ‘মন কী বাত’ত

News18-Assam
Updated:July 28, 2019, 12:22 PM IST
মন কী বাত’ত দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ!
Source- Google
News18-Assam
Updated: July 28, 2019, 12:22 PM IST
দেওবাৰে মন কী বাত’ত দেশবাসীক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অনুষ্ঠানত
প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা জল সংৰক্ষণলৈ দেশবাসীয়ে সঁহাৰি জনোৱাত সন্তোষ প্ৰকাশ কৰি কয় যে ‘জল সংকটৰ বিষয়ত সকলোৱে উপলব্ধি কৰিছে, মেঘালয় জল নীতি প্ৰস্তুত কৰা প্ৰথম ৰাজ্য, লগতে দেশবাসীয়ে উত্‍সৱ-পাৰ্বণৰ সমানে গুৰুত্ব দিয়ক জল সংৰক্ষণত,
‘উদযাপনৰ সময়তে জল সংৰক্ষণৰ বাৰ্তা দিয়ক।’

সেইদৰে  চন্দ্ৰযান-২ মিছন ভাৰতৰ বাবে বিশেষ উল্লেখনীয় বুলি উল্লেখ কৰি  মোদীয়ে কয় যে, ‘অভিলেখসংখ্যক সময়তে উত্‍‍ক্ষেপণ বিজ্ঞানীৰ। চন্দ্ৰযান-২ সম্পূৰ্ণৰূপে স্বদেশী মিছন।এই মিছনে লাভ কৰা সফলতাই যুৱকসকল নতুন কামৰ বাবে উত্‍সাহিত কৰিব’
‘আমি আমাৰ শক্তিৰ ওপৰত বিশ্বাস ৰখা উচিত।’



মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ‘কেন্সাৰ শব্দটো শুনিলেই সকলোৱে ভয় খায়, ১০টি শিশুৱে কেন্সাৰৰ দৰে ৰোগক জয় কৰিলে।কেন্সাৰক পৰাস্ত কৰি জীৱনক জয় কৰিলে শিশুৱে।’


অনুষ্ঠানত মোদীয়ে লগতে কয় যে ১৫ আগষ্ট উদযাপনৰ বাবে নতুন ৰূপত প্ৰস্তুতি চলাইছে সমগ্ৰ দেশবাসীয়ে। অমৰনাথ যাত্ৰা সফল কৰাৰ বাবে কাশ্মীৰবাসীক ধন্যবাদ জনাই প্ৰধানমন্ত্ৰী মোদীয়ে। লগতে কাশ্মীৰৰ বিকাশৰ বাবে কেন্দ্ৰই সকলো পদক্ষেপ লৈছে বুলি উল্লেখ কৰি কয় যে ‘প্ৰশাসনৰ লোকসকলক ইয়াৰ দায়িত্ব দিয়া হৈছে’ বিকাশৰ ওচৰত বিভেদকামী শক্তিয়ে হাৰ মানিব’’।
আৰু চাওক পৰৱৰ্তী বাতৰি