যদি আপুনিও প্ৰতি মাহে ৩০০০ টকাৰ সুবিধা ল'ব বিচাৰে, তেন্তে এয়া আপোনাৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। কেন্দ্ৰীয় চৰকাৰে (Central Govt) প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ (Pm kisan yojana) অন্তৰ্গত হিতাধিকাৰীসকলক বাৰ্ষিক ৩৬,০০০ টকাৰ সুবিধা প্ৰদান কৰিছে। যদি আপুনি প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ (PM Kisan Samman Nidhi) এই সুবিধা লাভ কৰি আছে তেন্তে আপুনি এতিয়া মুঠ ৪২,০০০ টকালৈকে লাভ কৰিব সুবিধা। এই টকা আপুনি কেনেদৰে প্ৰাপ্ত কৰিব সেই সম্বন্ধেই আমাৰ এই বিশেষ প্ৰতিবেদন।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ হিতাধিকাৰীসকলে প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনাৰ সুবিধা লাভ কৰে, য'ত আপোনাক বছৰি ৩৬ হাজাৰ টকা প্ৰদান কৰা হ'ব। ইয়াৰ লগতে মানধন যোজনাৰ বাবে আপুনি কোনো পৃথক নথিপত্ৰ দিয়াৰো প্ৰয়োজন নাই।
কেনেদৰে পাব ৪২ হাজাৰ টকা
উল্লেখ কৰিব লাগিব যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ অধীনত কৃষকসকলে প্ৰতি মাহে ৩০০০ টকা অৰ্থাৎ বছৰি ৩৬,০০০ টকা লাভ কৰে। আনহাতে, প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অধীনত কৃষকসকলে প্ৰতি বছৰে ২,০০০ টকাকৈ তিনিটা কিস্তি লাভ কৰে অৰ্থাৎ প্ৰতি বছৰে ৬,০০০ টকা লাভ কৰে। গতিকে যদি এজন কৃষকে এই দুয়োটা আঁচনিৰ সুবিধা লাভ কৰে তেন্তে তেওঁ চৰকাৰৰ পৰা প্ৰতি বছৰে ৪২,০০০ টকা লাভ কৰিব।
কোনে লাভ কৰিব এই সুবিধা
প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনাৰ অধীনত, ১৮ ৰ পৰা ৪০ বছৰ বয়সৰ কৃষকসকলে এই আঁচনিৰ সুবিধা লাভ কৰিব, কিন্তু চৰ্তটো হ'ল কৃষকৰ কমেও ২ হেক্টৰ কৃষিভূমি থাকিব লাগে। তেওঁলোকে প্ৰতি মাহে ৫৫ ৰ পৰা ২০০ টকাৰ প্ৰিমিয়াম জমা কৰিব লাগিব।
কিমান প্ৰিমিয়াম পৰিশোধ কৰিব লাগিব
যদি ১৮ বছৰ বয়সত যোগ দিয়ে তেন্তে মাহিলী বৰঙণি হ'ব ৫৫ টকা। লগতে, যদি আপুনি ৩০ বছৰ বয়সত আঁচনিখনত যোগদান কৰে তেন্তে আপুনি বছৰি ১১০ টকা প্ৰিমিয়াম পৰিশোধ কৰিব লাগিব। আনহাতে, যদি আপুনি ৪০ বছৰ বয়সত এই আঁচনিৰ সুবিধা লয়, আপুনি প্ৰিমিয়াম হিচাপে ২০০ টকা পৰিশোধ কৰিব লাগিব।
উল্লেখ্য যে মানধন যোজনা হৈছে এক প্ৰকাৰৰ পেঞ্চন আঁচনি য'ত ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলক প্ৰতি মাহে পেঞ্চন দিয়া হয়। এই পেঞ্চন ৬০ বছৰ বয়সৰ পিছত কৃষকসকলক দিয়া হয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|