মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »New Rules: দুচকীয়া বাহনত শিশুক তোলাৰ নিয়ম সলনি, মোদী চৰকাৰে বনাইছে কঠোৰ নিয়ম

New Rules: দুচকীয়া বাহনত শিশুক তোলাৰ নিয়ম সলনি, মোদী চৰকাৰে বনাইছে কঠোৰ নিয়ম

পথ পৰিবহণ তথা ৰাজমাৰ্গ মন্ত্ৰালয়ৰ (MoRTH) মতে, বাইক চলোৱাসকলে শিশুক লৈ যাত্ৰা কৰোতে কেতবোৰ নতুন নিয়ম পালন (New Rules to Ride Bike with Kids) কৰিব লাগিব। ইয়াৰ পূৰ্বে মন্ত্ৰালয়ে বাইকৰ পিছফালৰ ছীটৰ দুয়োফালে হেণ্ড হোল্ড বাধ্যতামূলক কৰিছিল।

  • Share this:
নতুন দিল্লীঃ শিশুক দুচকীয়া বাহনৰ আগফালে বা পিছফালে তুলি যদি যাত্ৰা কৰে তেনেহ’লে আপোনাৰ কাৰণে নতুন খবৰ। পথ পৰিবহণ তথা ৰাজমাৰ্গ মন্ত্ৰালয়ে (MoRTH) শিশুৰ সুৰক্ষাৰ কাৰণে কেতবোৰ নিয়মৰ (New Rules) সালসলনি কৰিছে। দৰাচলতে কেন্দ্ৰৰ মোদী চৰকাৰে শিশুৰ কাৰণে দুচকীয়া বাহনৰ যাত্ৰা অধিক সুৰক্ষিত কৰিছে। ইয়াৰ পূৰ্বে কেন্দ্ৰ চৰকাৰে বৰ্ধিত পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ (Road Accidents) কৰিবলৈ দুচকীয়া বাহনৰ ডিজাইন আৰু পিছফালে বহাৰ নিয়মৰ সালসলনি কৰিছিল।

পথ পৰিবহণ তথা ৰাজমাৰ্গ মন্ত্ৰালয়ৰ মতে, বাইক চলোৱা শিশুক লৈ যাত্ৰা কৰাসকলে কেতবোৰ নতুন নিয়মৰ (Bike Ride Rules) পালন কৰিব লাগিব। ইয়াৰ পূৰ্বে মন্ত্ৰালয়ে বাইকৰ পিছফালৰ ছীটৰ দুয়োফালে হেণ্ড হোল্ড বাধ্যতামূলক কৰিছিল। বাইক চালকে হঠাৎ ব্ৰেক মাৰিব লগীয়া হ’লে এই হেণ্ড হোল্ড পিছফালে থকাজনৰ কাৰণে সহায়ক হয়।

মন্ত্ৰালয়ে যোৱাবাৰ কৰা পৰিৱৰ্তনৰ ভিতৰত বাইকৰ পিছফালে বহাজনৰ কাৰণে দুয়োফালে ভৰি ৰখা স্থান অনিবাৰ্য কৰিছিল। ইয়াৰ লগতে বাইকৰ পিছফালে চকাৰ বাওঁফালে কমেও আধা ঠাই কভাৰ কৰাৰ পৰামৰ্শ দিছিল যাতে বহাজনৰ কাপোৰ চকাত লাগি নধৰে।

জানো আহক নতুন নিয়মৰ কাৰণে কি প্ৰস্তাৱ?

– নতুন প্ৰস্তাৱ অনুসৰি ৪ বছৰ পৰ্যন্ত শিশুক দুচকীয়া বাহনত নিয়াৰ সময়ত স্পীড লিমিট ৪০ কিঃমিঃ প্ৰতি ঘণ্টাৰ ওপৰত যাব নালাগে।

–দুচকীয়া বাহনৰ চালকে পিছফালে বহা ৯মহীয়াৰ পৰা ৪বছৰ পৰ্যন্ত শিশুক ক্ৰেছ হেলমেট পিন্ধাব।

–মটৰচাইকেল চালকে এই কথা সুনিশ্চিত কৰিব যে ৪বছৰৰ তলৰ শিশুক নিজৰ লগতে বাইক বা স্কুটাৰত নিওতে ছেফটি হাৰ্নেছৰ ব্যৱহাৰ কৰিব।

ছেফটি হাৰ্নেছ শিশুসকলক পিন্ধোৱা হয়। ইয়াৰ চাইজ এডজাষ্ট কৰিব পৰা যায়। এইটোৰে শিশুক চালকৰ সৈতে বান্ধি থোৱা হয়। সুৰক্ষা জেকেটৰ সৈতে সংলগ্ন ফিটাই শিশুক বাহন চালকৰ কান্ধৰ সৈতে লগ লগাই ৰখাৰ কাম কৰে। মন্ত্ৰালয়ে এই প্ৰস্তাৱৰ ক্ষেত্ৰত আপত্তি আৰু পৰামৰ্শ বিচাৰিছে। উল্লেখ্য যে, গাড়ীত শিশুৰ সুৰক্ষাৰ কাৰণে চাইল্ড লক সহ বহুকেইটা সুবিধা থাকে। এই সুবিধাসমূহৰে শিশুৰ সুৰক্ষা সুনিশ্চিত কৰা হয়।

শেহতীয়া বাতৰি