লকডাউনৰ মাজতে চৰকাৰী কৰ্মচাৰীৰ কাৰণে দুঃখবৰ! হ্ৰাস পালে PFৰ সুত, এতিয়া কিমান পাব?

News18 Assam | News18-Assam
Updated:May 6, 2020, 10:45 AM IST
লকডাউনৰ মাজতে চৰকাৰী কৰ্মচাৰীৰ কাৰণে দুঃখবৰ! হ্ৰাস পালে PFৰ সুত, এতিয়া কিমান পাব?
প্ৰতীকী ফটো

চৰকাৰী কৰ্মচাৰীৰ PFৰ সুতৰ হাৰ হ্ৰাস কৰা হৈছে। চৰকাৰে সুতৰ হাৰ হ্ৰাস কৰি ৭.১শতাংশ কৰিছে। 

  • Share this:
নতুন দিল্লীঃ চৰকাৰে জেনেৰেল প্ৰভিডেণ্ট ফাণ্ড (GPF)ক লৈ এক বৃহৎ ঘোষণা কৰি নতুন বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰিমাসিক (এপ্ৰিল–জুন)ৰ কাৰণে সুতৰ হাৰ হ্ৰাস কৰিছে। এই মৰ্মে, ১ এপ্ৰিল ২০২০ৰ পৰা ৩০জুন ২০২০লৈকে GPF আৰু আন ফাণ্ডৰ ওপৰত ৭.১শতাংশ সুত লাভ কৰিব। জিপিএফ বা জেনেৰেল প্ৰভিডেণ্ট ফাণ্ড এনে এক প্ৰভিডেণ্ট ফাণ্ড য’ত কেৱল চৰকাৰী কৰ্মচাৰীয়েহে একাউণ্ট খুলিব পাৰে। এয়া এক ধৰণৰ ৰিটায়াৰমেণ্ট প্লেন হয়, কিয়নো ইয়াত ধন চৰকাৰী কৰ্মচাৰীয়ে অৱসৰৰ পিছত লাভ কৰে। চৰকাৰী কৰ্মচাৰীয়ে নিজৰ দৰমহাৰ ১৫শতাংশলৈকে GPF একাউণ্টত জমা কৰিব পাৰে।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading