৫লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীক চাকৰিৰ উলিয়াই দিয়া হ’ব! জানক আচল ঘটনা কি?

News18 Assam | News18-Assam
Updated:June 12, 2020, 12:07 PM IST
৫লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীক চাকৰিৰ উলিয়াই দিয়া হ’ব! জানক আচল ঘটনা কি?
ফাইল ফটো

ছচিয়েল মিডিয়াত শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে যে কেন্দ্ৰই ৫লাখ কেন্দ্ৰীয় কৰ্মচাৰীক চাকৰিৰ পৰা উলিয়াই দিয়াৰ যো–জা কৰিছে। ফেচবুক আৰু হোৱাটছএপত বিয়পি পৰিছে এই বাৰ্তা। পিআইবিৰ ফেক্ট চেক টীমৰ মতে এই কথা একেবাৰে মিছা। 

  • Share this:
নতুন দিল্লীঃ কোৰোণা ভাইৰাছৰ কাৰণে লকডাউনৰ মাজত ছচিয়েল মিডিয়াত উৰা বাতৰি বিয়পি পৰাটো বন্ধ হোৱা নাই। এইবাৰ খবৰ ওলাইছে যে কেন্দ্ৰই ৫লাখ চৰকাৰী কৰ্মচাৰীক চাকৰিৰ পৰা উলিয়াই দিয়াৰ যো–জা কৰিছে। হোৱাটছএপ আৰু ফেচবুকত শ্বেয়াৰ হৈছে এই খবৰ। এই ভাইৰেল মেচেজক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পিআইবিৰ ফেক্ট চেক টীমে।

কি মেচেজ ভাইৰেল হৈছে?

ছচিয়েল মিডিয়াত এখন বাতৰি কাকতৰ এটা কাটিং ভাইৰেল হৈছে য’ত কোৱা হৈছে যে ৫লাখ কেন্দ্ৰীয় কৰ্মচাৰীক চাকৰিৰ পৰা উলিয়াই দিয়াৰ প্ৰস্তুতি চলিছে। চৰকাৰে চাকৰিৰ পৰা উলিয়াই দিব এইসকলক।

দৰাচলতে পুৰণি ৰিপ’ৰ্টৰ কিছু অংশ লগ লগাই এই খবৰ প্ৰস্তুত কৰা হৈছিল। এই নিউজত কোৱা হৈছে যে ৫৫বছৰৰ ওপৰ বা ৩০বছৰৰ অধিক কাল চাকৰি কৰাসকলক উলিয়াই দিয়া হ’ব।




PIB ফেক্ট চেক টীমে এই বাতৰি সম্পূৰ্ণ ৰূপে ভুৱা বুলি উল্লেখ কৰি অপপ্ৰচাৰৰ পৰা হাত সাৰি থাকিবলৈ আহ্বান জনাইছে।
First published: June 12, 2020, 12:07 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading