সাধাৰণ খাটিখোৱা মানুহলৈ মোদী চৰকাৰৰ নতুন অধিকাৰ!

দ্বিতীয়বাৰলৈ ক্ষমতাত অধিস্থিত হৈয়ে নৰেন্দ্ৰ মোদী চৰকাৰে লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সমগ্ৰ দেশত চলাব অৰ্থনৈতিক জৰীপ।

news18assam
Updated:June 9, 2019, 3:23 PM IST
সাধাৰণ খাটিখোৱা মানুহলৈ মোদী চৰকাৰৰ নতুন অধিকাৰ!
দ্বিতীয়বাৰলৈ ক্ষমতাত অধিস্থিত হৈয়ে নৰেন্দ্ৰ মোদী চৰকাৰে লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সমগ্ৰ দেশত চলাব অৰ্থনৈতিক জৰীপ।
news18assam
Updated: June 9, 2019, 3:23 PM IST
দ্বিতীয়বাৰলৈ ক্ষমতাত অধিস্থিত হৈয়ে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে এক অৰ্থনৈতিক জৰীপ চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এইবাৰ চলাবলগীয়া অৰ্থনৈতিক সমীক্ষাত অন্তভুক্ত হ’ব ঠেলা, ৰিক্সা চলাই বা অতি সাধাৰণ কাম কৰি জীৱন নিৰ্বাহ কৰি থকা লোকসকলো। এইবাৰ সৰ্বমুঠ ২৭ কোটি ঘৰ আৰু ৭ কোটি  Establishment ক সামৰি চলোৱা হ’ব এই অৰ্থনৈতিক জৰীপ। জুন মাহত শেষৰ সপ্তাহৰ পৰা আৰম্ভ কৰা হ’ব অৰ্থনাতিক জৰীপ। এই সমীক্ষাৰ ছমাহৰ পিছতে ভাৰতবৰ্ষত বৰ্তমান চাকৰিৰ স্থিতি কি হৈ আছে সেই তথ্য পোহৰলৈ আহিব।

কি এই নতুন অধিকাৰ

ইয়াৰ আগত ২০১৩ চনত ভাৰতবৰ্ষত অৰ্থনৈতিক জৰীপ চলিছিল। প্ৰতি পাঁচবছৰৰ অন্তৰালত সমগ্ৰ দেশজুৰি এই সমীক্ষা চলোৱা হয়। এইবাৰ এই সমীক্ষাৰ বাবে CSC এজেঞ্জী সমূহক দায়িত্ব দিব চৰকাৰে।

Escort Securityৰ গৱেষণা মুৰব্বী আছিফ ইকবলে NEWS18 ৰ আগত প্ৰকাশ কৰে যে চলিত বৰ্ষৰ জুন মাহৰ পৰা চলিব লগীয়া এই অৰ্থনৈতিক জৰীপত এইবাৰ দেশৰ ঠেলা, ৰিক্সা চালকৰ লগতে একেবাৰে সাধাৰণ ভাৱে খাটি খোৱা পৰিয়াল সমূহকো সামৰি লোৱা হ’ব। তেওঁলোকক লৈও এতিয়া চৰকাৰে নতুন আইন প্ৰস্তুত কৰিছে। যাৰ জৰিয়তে তেওঁলোকেও সহজে ঋণ সহ অনেক অৰ্থনৈতিক অধিকাৰ লাভ কৰিব।
আৰু চাওক পৰৱৰ্তী বাতৰি