সন্ধিয়া সাত বজাৰ পিছতো কাম কৰা মহিলাৰ বাবে মোদী চৰকাৰে দিছে এই সুবিধা

পুৱা ছয় বজাৰ পৰা সন্ধিয়া সাত বজাৰ ভিতৰত থাকিব মহিলা কৰ্মচাৰীৰ ৱৰ্কিং আৱাৰ। কিন্তু সন্ধিয়া সাত বজাৰ পিছত যদিহে ৱৰ্কিং আৱাৰ নিৰ্ধাৰণ কৰা হয় তেনেহ’লে মহিলাগৰাকীৰ সুৰক্ষাৰ দায়িত্ব ল’ব লাগিব কোম্পানীয়ে। 

News18-Assam
Updated:July 12, 2019, 4:30 PM IST
সন্ধিয়া সাত বজাৰ পিছতো কাম কৰা মহিলাৰ বাবে মোদী চৰকাৰে দিছে এই সুবিধা
ফাইল ফটো
News18-Assam
Updated: July 12, 2019, 4:30 PM IST
১০জুলাইৰ কেবিনেট বৈঠকত মোদী চৰকাৰে হেল্থ এণ্ড ৱৰ্কিং কণ্ডিছন ক’ড বিল ২০১৯ গ্ৰাহ্য কৰিছে। ইয়াৰ অধীনত কৰ্মচাৰীসকলে কাৰ্যালয়, সুৰক্ষা, স্বাস্থ্য আৰু ৱৰ্কিং কণ্ডিছনক লৈ কেবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে। এতিয়া কাৰ্যালয়ত মহিলাৰ কাৰণে ৱৰ্কিং আৱাৰ পুৱা ৬বজাৰ পৰা সন্ধিয়া ৭বজালৈকে থাকিব। কিন্তু সন্ধিয়া সাত বজাৰ পিছত যদিহে ৱৰ্কিং আৱাৰ নিৰ্ধাৰণ কৰা হয় তেনেহ’লে মহিলাগৰাকীৰ সুৰক্ষাৰ দায়িত্ব কোম্পানীটোৰ হ’ব। অভাৰটাইম দিয়াৰ আগতে কৰ্মচাৰীৰ সন্মতি গ্ৰহণ কৰাটো বাধ্যতামূলক হ’ব। মাহেকত সৰ্বাধিক অভাৰটাইম ১০০ঘণ্টাৰ পৰা বাঢ়ি ১২৫ ঘণ্টা হ’ব পাৰে। একেদৰে গ্ৰেণ্ড পেৰেণ্টছে পাবলগীয়া সুবিধা এতিয়া ডিপেণ্ডেণ্ট গ্ৰেণ্ড পেৰেণ্টছেও লাভ কৰিব। কোম্পানীত শিশুসকলৰ কাৰণে ক্ৰেচ, কেণ্টিনৰ দৰে সুবিধা থাকিব লাগিব। নিৰ্দিষ্ট বয়সৰ পিছত কৰ্মচাৰীসকলৰ কাৰণে বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ সুবিধা থাকিব।

কৰ্মচাৰীসকলৰ কাৰণে গ্ৰহণ কৰিব লাগিব এই ব্যৱস্থা

দেশৰ সকলো কৰ্মচাৰীকে এতিয়া এপইণ্টমেণ্ট লেটাৰ দিয়াটো প্ৰয়োজনীয়।

পৰিয়ালৰ পৰিভাষাৰ পৰিসৰ বৃদ্ধি কৰা হ’ব।

ককাক–আইতাকৰ লগতে ডিপেণ্ডেণ্ট ককাক–আইতাককো একেই সুবিধা প্ৰদান কৰা হ’ব।
আৰু চাওক পৰৱৰ্তী বাতৰি