ৰাজহূৱা স্থানত ধূমপান কৰিলে আপোনাৰ পকেটত পৰিব পাৰে প্ৰভাৱ। ইয়াৰ বাবে কোটপা এক্টত সলনি কৰিব নিয়ম। এক্ট অনুসৰি চৰকাৰে জৰিমণাৰ ৰাশিৰ বৃদ্ধি কৰি ১০০০ টকাতকৈ অধিক কৰাৰ সম্ভাৱনা। বৰ্তমান, কোটপা এক্ট অনুসৰি ৰাজহুৱা স্থানত ধূমপান কৰি ধৰা পৰিলে ২০০ টকাৰ জৰিমণা বিহিব লাগে।
ৰাজহুৱা স্থানত ধূমপান কৰিলে ভৰিব লাগিব ইমান টকা
সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি চৰকাৰে কোটপা এক্টত নিয়ম সলনি কৰিছে। এই পৰিৱৰ্তনৰ পিছত নাবালিকে ধূমপান জাতীয় সামগ্ৰী বিক্ৰী কৰিলে ভৰিব লাগিব জৰিমণা। ইফালে শিক্ষানুষ্ঠানৰ আশে–পাশে ধূমপান জাতীয় সামগ্ৰী বিক্ৰী কৰিলেও ভৰিব লাগিব জৰিমণা। স্কুল–কলেজৰ পৰা ১০০ মিটাৰ দূৰত্বলৈ ধূমপান জাতীয় সামগ্ৰী বিক্ৰী কৰিব নোৱাৰিব।
জৰিমণা আদায় কৰাৰ ক্ষেত্ৰত এইখন ৰাজ্য শ্ৰেষ্ঠ স্থানত
বিগত বিত্তীয় বৰ্ষত চৰকাৰে জৰিমণাৰ পৰা প্ৰায় ৫ কোটি টকা আদায় কৰিছে। কোটপা এক্ট অনুসৰি জৰিমণা আদায়ৰ ক্ষেত্ৰত শ্ৰেষ্ঠ স্থানত আছে তামিলনাডু। ইফালে জৰিমণা আদায় সন্দৰ্ভত গুজৰাট আছে দ্বিতীয় স্থানত। ডাঙৰ ৰাজ্যৰ ক্ষেত্ৰত বিহাৰৰ অৱস্থা শোচনীয়।
পইণ্টাৰ্ছ
>> ৰাজহুৱা স্থানত ধূমপান কৰিলে ভৰিব লাগিব বৃহৎ পৰিমানৰ জৰিমণা।
>> জৰিমণাৰ ৰাশি বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে।
>> জৰিমণাৰ ৰাশি চৰকাৰে ১০০০ হাজাৰতকৈ অধিক কৰাৰ সম্ভাৱনা।
>> নাবালিকে ধূমপান জাতীয় সামগ্ৰী বিক্ৰী কৰিলেও ভৰিব লাগিব অধিক জৰিমণা।
>> শিক্ষানুষ্ঠানৰ আশে–পাশে ধূমপান জাতীয় সামগ্ৰী বিক্ৰী কৰিলেও ভৰিব লাগিব অধিক জৰিমণা।
>> কোটপা এক্ট অনুসৰি বৰ্তমান জৰিমণাৰ ৰাশি ২০০ টকা।
>> স্কুল–কলেজৰ পৰা ১০০ মিটাৰ দূৰত্বলৈ ধূমপান জাতীয় সামগ্ৰী বিক্ৰী কৰিব নোৱাৰিব।
>> বিগত বিত্তীয় বৰ্ষত চৰকাৰে জৰিমণাৰ পৰা প্ৰায় ৫ কোটি টকা আদায় কৰিছে
>> কোটপা এক্ট অনুসৰি জৰিমণা আদায়ৰ ক্ষেত্ৰত শ্ৰেষ্ঠ স্থানত আছে তামিলনাডু
>> জৰিমণা আদায় সন্দৰ্ভত গুজৰাট আছে দ্বিতীয় স্থানত
>> ডাঙৰ ৰাজ্যৰ ক্ষেত্ৰত বিহাৰৰ অৱস্থা শোচনীয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|