মোদী মন্ত্ৰীসভাৰ প্ৰথমখন বৈঠক, তিনি তালাক বিধেয়কক লৈ হ’ব আলোচনা!

News18-Assam
Updated:June 12, 2019, 1:50 PM IST
মোদী মন্ত্ৰীসভাৰ প্ৰথমখন বৈঠক, তিনি তালাক বিধেয়কক লৈ হ’ব আলোচনা!
বুধবাৰে অনুষ্ঠিত হ’ব মোদী মন্ত্ৰীসভাৰ প্ৰথমখন বৈঠক

বুধবাৰে অনুষ্ঠিত হ’ব মোদী মন্ত্ৰীসভাৰ প্ৰথমখন বৈঠক

  • Share this:
বুধবাৰে অনুষ্ঠিত হ’ব মোদী মন্ত্ৰীসভাৰ প্ৰথমখন বৈঠক। ২০১৯ ৰ লোকসভা নিৰ্বাচনত অভিলেখ সংখ্যক জনাদেশৰ পিছত ৰাইজক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ এতিয়া কঠোৰ নিৰ্দেশ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বুধবাৰে অনুষ্ঠিত হ’ব লগীয়া এই বৈঠকতে তিনি তালাক বিধেয়ক সন্দৰ্ভত আলোচনা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। উল্লেখযোগ্য যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তিনি তালাক বিধেয়কক লৈ যথেষ্ট বিতৰ্ক হৈছিল।কিন্তু এইবাৰ  তিনি তালাকৰ সম্পৰ্কত এক উচিত সিদ্ধান্ত লবলৈ বদ্ধ পৰিকৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ।

বৈঠকত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মন্ত্ৰীসভাৰ মন্ত্ৰীসকলক ১০০ দিনৰ এক্সন প্লেন প্ৰস্তুত কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰাৰ লগতে নতুনকৈ মন্ত্ৰীসভাত স্থান লাভ কৰা মন্ত্ৰীসকলৰ ভূমিকা সন্দৰ্ভত আলোচনা কৰা হ’ব বুলি এক চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। সেইদৰে আগন্তুক সংসদৰ অধিবেশনৰ বাবেও এই বৈঠকতে ৰণকৌশল ৰচনা কৰিব বুলি আসা প্ৰকাশ কৰিছে দেশৰ সচেতন মহলে।
First published: June 12, 2019, 1:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading