মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»দুখীয়া মহিলালৈ উপহাৰ মোদী চৰকাৰৰঃ পাচঁ কেজিৰ গেছ চিলিণ্ডাৰ দিয়াৰ সিদ্ধান্ত!

দুখীয়া মহিলালৈ উপহাৰ মোদী চৰকাৰৰঃ পাচঁ কেজিৰ গেছ চিলিণ্ডাৰ দিয়াৰ সিদ্ধান্ত!

News18-Assam
Updated:May 29, 2019, 8:10 AM IST
দুখীয়া মহিলালৈ উপহাৰ মোদী চৰকাৰৰঃ পাচঁ কেজিৰ গেছ চিলিণ্ডাৰ দিয়াৰ সিদ্ধান্ত!
প্ৰধানমন্ত্ৰী উজ্বলা যোজনাৰ জৰিয়তে এই দ্বিতীয়টো কাৰ্যকালত মোদী চৰকাৰে প্ৰদান কৰিব পাঁচ কেজি ওজনৰ গেছ চিলিণ্ডাৰ । ইতিমধ্যে আৰম্ভ হৈছে আচঁনিখনৰ প্ৰাৰম্ভিক কাম কাজ।

প্ৰধানমন্ত্ৰী উজ্বলা যোজনাৰ জৰিয়তে এই দ্বিতীয়টো কাৰ্যকালত মোদী চৰকাৰে প্ৰদান কৰিব পাঁচ কেজি ওজনৰ গেছ চিলিণ্ডাৰ । ইতিমধ্যে আৰম্ভ হৈছে আচঁনিখনৰ প্ৰাৰম্ভিক কাম কাজ।

  • Share this:
মোদী চৰকাৰৰ প্ৰথমটো কাৰ্যকালত কেন্দ্ৰীয় চৰকাৰৰ এখন অন্যতম সফল আচঁনি আছিল প্ৰধানমন্ত্ৰী উজ্বলা যোজনা। আঁচনিখনৰ জৰিয়তে দেশৰ দৰিদ্ৰ সীমা ৰেখাৰ মহিলাসকলক বিনামূলীয়া গেছ প্ৰদান কৰা হৈছিল। উজ্বলা যোজনাৰ অধীনত কেৱল মহিলা সকলৰ নামতহে পঞ্জীয়ন হৈছিল বিনামূলীয়া চিলিণ্ডাৰ। ২০১৯ ৰ লোকসভা নিৰ্বাচনত জয়লাভ কৰাৰ পিছত ৩০ মে’ত দ্বিতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত লব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কিন্তু কাৰ্যকাল আৰম্ভ নহওতেই চৰকাৰে উজ্বলা আঁচনিক অধিক গতিশীল কৰিবলৈ হাতত লৈছে এই নতুন পৰিকল্পনা।

৫ কেজিৰ চিলিণ্ডাৰ দিয়াৰ লগে লগে যে দেশৰ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ মহিলাসকল উজ্বলা যোজনাৰ অধীনত আগতকৈ যে অধিক পৰিমাণে উপকৃত হ’ব  সেয়া নিশ্চিত।
সেইদৰে নতুন চৰকাৰে প্ৰথম ১০০ দিনৰ বাবে ইতিমধ্যে কাৰ্যপন্থা হাতত লৈছে। ১০০ দিনৰ ভিতৰত উজ্বলা আঁচনিৰ অধীনত নতুন গেছ কানেক্চন ৮ কাটিলৈ বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰিছে কেন্দ্ৰীয় চাৰকাৰে। ইতিমধ্যে দেশৰ প্ৰায় ৭.১৯ কোটি মহিলা উপকৃত হৈছে এই আচঁনিৰ জৰিয়তে।
First published: May 29, 2019, 8:10 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি