মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »নিজৰ বাজাজ স্কুটাৰখনেৰে মাতৃক লৈ ভাৰত ভ্ৰমণ কৃষ্ণৰ

নিজৰ বাজাজ স্কুটাৰখনেৰে মাতৃক লৈ ভাৰত ভ্ৰমণ কৃষ্ণৰ

 মাতৃক তীৰ্থভ্ৰমণ কৰোৱাৰ উদ্দেশ্যে কৃষ্ণই হাতত লৈছে ‘মাত্ৰু সেৱা সংকল্প যাত্ৰা’।

মাতৃক তীৰ্থভ্ৰমণ কৰোৱাৰ উদ্দেশ্যে কৃষ্ণই হাতত লৈছে ‘মাত্ৰু সেৱা সংকল্প যাত্ৰা’।

  • Share this:
‘মা’ শব্দটোৰ যেন কোনো তুলনা নাই। প্ৰতিজন লোকৰে জীৱনত মাতৃতকৈ আপোন কোনো হ’ব নোৱাৰে! এগৰাকী মাতৃয়ে বহু কষ্ট কৰি পানীকেঁচুৱাৰ পৰা সন্তানক তুলি–তালি ডাঙৰ–দীঘল কৰে। সন্তানৰ মংগলৰ বাবে নিঃস্বাৰ্থভাৱে সকলো দুখ–কষ্ট সহি যায় এগৰাকী মাতৃয়ে। কিন্তু বহু সন্তানে ডাঙৰ–দীঘল হৈ নিজৰ ভৰিত থিয় হ’বপৰা হোৱাৰ পিছত মাতৃৰ এই ত্যাগ, মৰম সকলো পাহৰি যায়। বৃদ্ধাৱস্থাত মাতৃক এষাৰ মাত দিবলৈও সময় নাথাকে বহু সন্তানৰ। কিন্তু আজি আমি জনাম এজন মাতৃভক্ত পুত্ৰৰ কাহিনী। যিজন লোকৰ মাতৃভক্তি দেখিলে বাঃ বাঃ দিব আপুনিও।

লোকজনৰ নাম ডাঃ কৃষ্ণ কুমাৰ। ঘৰ কৰ্ণাটকৰ মাইছ’ৰত। মাতৃক তীৰ্থভ্ৰমণ কৰোৱাৰ উদ্দেশ্যে কৃষ্ণ হাতত লৈছে ‘মাত্ৰু সেৱা সংকল্প যাত্ৰা’। নিজৰ বাজাজ স্কুটাৰখনৰ পিছফালে মাতৃক উঠাই কৃষ্ণই ভ্ৰমি ফুৰিছে ভাৰতবৰ্ষৰ ইখনৰ পিছত সিখন তীৰ্থস্থান। বহু ঠাই ভ্ৰমণ কৰি বৃহস্পতিবাৰে (১৩ জুন) লোকজন উপস্থিত হয় দক্ষিণ ছিকিমৰ নামচিত।



মাতৃৰ প্ৰতি এনে শ্ৰদ্ধা দেখি বিভিন্নজনে ৪০ বছৰীয়া কৃষ্ণ কুমাৰক নাম দিছে ‘শ্ৰৱণ কুমাৰ’। পিতৃৰ বিয়োগৰ পিছত ৭০ বছৰীয়া মাতৃক স্কুটাৰৰ পিছফালে বহুৱাই কৃষ্ণ দেখুৱাইছে ভাৰতবৰ্ষৰ বিভিন্ন তীৰ্থস্থানসমূহ। এয়া কৃষ্ণৰ দ্বিতীয় ভাৰত ভ্ৰমণ। ছিকিমত উপস্থিত হোৱাৰ পূৰ্বে মাতৃৰ সৈতে কৃষ্ণই ভ্ৰমণ কৰিছে কেৰালা, তামিলনাডু, পুডুচেৰী, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, মহাৰাষ্ট্ৰ, গোৱা, ছত্তীশগড়, ওড়িশা, ঝাৰখণ্ড, বিহাৰ, পশ্চিম বংগৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ নেপাল। ২০১৭ চনত কৃষ্ণই মাতৃৰ সৈতে গৈছিল জম্মু–কাশ্মীৰৰ লগতে আন কেইবাখনো ঠাই।

পিতৃ–মাতৃক বৃদ্ধাৱস্থাত তীৰ্থ ভ্ৰমণ কৰোৱাটো পূণ্যৰ কথা। সেইবাবেই কৃষ্ণ কুমাৰে মাতৃক লৈ এইদৰে ভ্ৰমি ফুৰিছে সমগ্ৰ ভাৰতবৰ্ষ। কৃষ্ণ কুমাৰে কয় – মই মোৰ মাক সৰুৰে পৰা ঘৰ কাম, যৌথ পৰিয়ালটোৰ চোৱাচিতা, আমাক ডাঙৰ–দীঘল কৰাৰ লগতে ঘৰৰ প্ৰতিটো কাম কৰি অহা দেখিছো। দেউতাৰ মৃত্যুৰ পিছত মাক বেংগালুৰুলৈ লৈ গৈছিলো, য’ত মই এটা কোম্পানীত চাকৰি কৰিছিলো।



স্কুটাৰেৰে ভাৰত ভ্ৰমণক লৈ কৰা প্ৰশ্নৰ উত্তৰত কৃষ্ণ কয় যে ২০ বছৰ পূৰ্বে পিতৃয়ে তেওঁক এই স্কুটাৰখন উপহাৰ দিছিল। এতিয়া কৃষ্ণ আৰু মাতৃ দুয়োগৰাকীয়ে বিশ্বাস কৰে যে স্কুটাৰখনৰ অবিহনে তেওঁলোকৰ তীৰ্থযাত্ৰা আধৰুৱা হ’ব। কাৰণ স্কুটাৰখনে মৃত পিতৃৰ স্মৃতি বহন কৰিছে। সেইবাবেই এই তীৰ্থযাত্ৰাৰ সময়ত স্কুটাৰখন থকা বাবে পিতৃ থকা যেন লাগে, আৰু তীৰ্থযাত্ৰা সম্পূৰ্ণ হোৱা যেন অনুভৱ হয়। কৃষ্ণই আৰু কয় – এই তীৰ্থযাত্ৰাৰ বাবে তেওঁলোকে কোনো লোকৰ পৰা বৰঙণি লোৱা নাই। লগত লৈ আহিছে সাধাৰণ খাদ্য সামগ্ৰী।

(Input : Prakash Adhikari)

শেহতীয়া বাতৰি