সদায়েই নিজৰ ফিটনেছৰ বাবে চৰ্চাত থাকে ছুপাৰমডেল তথা অভিনেতা মিলিন্দ সুমন। স্বাস্থ্যকৰ জীৱনশৈলীৰ প্ৰতি সুমনৰ প্ৰেমৰ বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। ফিটনেছ পিপাসু সুমনে প্ৰায়েই তেওঁৰ দৈনন্দিন ৰুটিনৰ আভাস ছ'চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰি আহিছে । ডায়েটৰ পৰা আৰম্ভ কৰি খালি ভৰিৰে দৌৰা আৰু ব্যায়াম কৰা আদিৰ সকলো ভিডিঅ', ফটো তেওঁৰ প্ৰফাইলত দেখিবলৈ পোৱা যায়।
বয়স হোৱা সত্ত্ৱেও তেওঁ আকৰ্ষণীয় শৰীৰৰ অধিকাৰী, সেয়ে প্ৰায়েই তেওঁ কি খায় বা কি কৰি এনে এটা শৰীৰৰ অধিকাৰী হ'ব পাৰিছে, তাকে লৈ উত্সুক কৰি তোলে সকলোকে। শেহতীয়াকৈ অভিনেতাগৰাকীয়ে ইনষ্টাগ্ৰামযোগ তেওঁৰ দৈনন্দিন আহাৰ গ্ৰহণৰ এক আভাস শ্বেয়াৰ কৰিছে। ফটোখনত মিলিন্দক তেওঁৰ ৰাতিপুৱাৰ আহাৰ সমৃদ্ধ এখন প্লেট ধৰি থকা দেখাৰ লগতে তেওঁ কি কি গ্ৰহণ কৰে ইয়াৰ বিৱৰণো দিছে ।
অনুৰাগীৰ অনুৰোধত নিজৰ প্ৰতিদিনৰ ডায়েট প্লান শ্বেয়াৰ কৰি মিলিন্দে জনাই যে তেওঁ প্ৰতিদিনে পুৱা আধা লিটাৰ পানী পানেৰে দিনটো আৰম্ভ কৰে। তাৰ পিছত পুৱা ১০ বজাত ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰে, য'ত বাদাম, অমিতা, তৰমুজ আৰু যিকোনো বতৰৰ ফল অন্তৰ্ভুক্ত থাকে।
অভিনেতাজনে তেওঁৰ দুপৰীয়াৰ আহাৰ দুই বজাত গ্ৰহণ কৰে, য'ত দাইল–ভাতৰ লগতে দেশী ঘিউত বনোৱা স্থানীয় আৰু বতৰৰ শাক-পাচলি থাকে। কেতিয়াবা ভাত নাখালে তেওঁ ৬খন ৰুটিকে লয়। লগতে এমাহৰ মূৰত কেতিয়াবা এদিন তেওঁ মাংস আৰু কণী খায় ।
দুপৰীয়াৰ আহাৰৰ পিছত সন্ধিয়া ৫ বজাত তেওঁ গুড় দি বনোৱা মিঠা একাপ ক'লা চাহ খায়। নিশা ৭ বজাত তেওঁ নিশাৰ আহাৰ গ্ৰহণ কৰে, য'ত থাকে অলপ মিক্সড ভাজি। আৰু একাপ গৰম পানীৰ সৈতে হালধি খাই নিশা তেওঁ শুবলৈ যায়।
ইপিনে বিগত মাৰ্চ মাহত কোভিডত আক্ৰান্ত হোৱা মিলিন্দে কোৱাৰেন্টিনত থকাৰ সময়তো তেওঁৰ খাদ্যৰ কোনো পৰিৱৰ্তন কৰা নাছিল বুলি উল্লেখ কৰিছে। সম্প্ৰতি পত্নী অংকিতা কোঁৱৰৰ সৈতে কোনো পাহাৰত বাস কৰি আছে অভিনেতাগৰাকী।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|