হলীউদ তাৰকা কিম কাৰ্দাচিয়ানৰ সৌন্দৰ্য সমগ্ৰ বিশ্বতে বিখ্যাত। কেৱল পুৰুষেই নহয়, মহিলাও তেওঁৰ ইমান অনুৰাগী যে সকলোৱে তেওঁৰ দৰে দেখিবলৈ তেওঁৰ ভংগীমাত নৃত্য-অভিনয় কৰিবলৈ বিচাৰে। পিছে আমি এগৰাকী মডেলৰ কাহিনী আপোনালোকক ক'ব বিচাৰিছো যি কিম কাৰ্দাচিয়ানৰ দৰে দেখিবলৈ সকলো সীমা অতিক্ৰম কৰিছিল। কিমৰ সৌন্দৰ্য প্ৰাপ্ত কৰাৰ আকাংক্ষাত, সেই মডেলগৰাকীয়ে নিজৰ জীৱনত বহুতো সমস্যাৰ সৃষ্টি কৰিছে। গতিকে আপোনালোকৰো নিশ্চয় জানিবলৈ মন যায় এই মডেলগৰাকীয়ে কিম কাৰ্দাচিয়ান হোৱাৰ আকাংক্ষাত কেনে ধৰণৰ পদক্ষেপ লৈছিল, যিটো তেওঁ সম্ভৱতঃ গোটেই জীৱন সহ্য কৰিব লাগিব।
আচলতে, এই মডেলগৰাকীৰ কাহিনীয়ে আপোনাক আচৰিত কৰিব। আপুনি সম্ভৱতঃ শুনি আচৰিত হ'ব যে কেনেকৈ কোনোবাই আন কাৰোবাৰ দৰে হোৱাৰ আকাংক্ষাত নিজৰ সৈতে এনে কৰিব পাৰে। কিন্তু সেয়া সঁচা। জেনিফাৰ পাম্পলোনা নামৰ মডেলগৰাকীয়ে হলীউদ তাৰকা কিম কাৰ্দাচিয়ানৰ দৰে সৌন্দৰ্য লাভ কৰিবলৈ লাখ লাখ টকা খৰচ কৰিছিল। এতিয়া আপুনি জানিবলৈ আগ্ৰহী হ'ব যে অস্ত্ৰোপচাৰ ৰ পিছতো তেওঁ কিমৰ দৰে সৌন্দৰ্য্য লাভ কৰিলেনে?
সৌন্দৰ্যৰ আশাত বহু লক্ষাধিক টকাৰ অস্ত্ৰোপ্ৰচাৰ কৰা জেনিফাৰৰ জীৱনলৈ নামি আহিল কাল অমানিশা। সৌন্দৰ্য বৃদ্ধিটো বাদেই জেনিফাৰৰ সম্পূৰ্ণ মুখত পাৰ্শ্বক্ৰিয়া হোৱাৰ ফলত তেওঁ বৰ্তমান জটিল ৰোগত আক্ৰান্ত হৈছে। হেৰুৱালে নিজৰ প্ৰকৃত সৌন্দৰ্য। জেনিফাৰৰ এই অৱস্থাই কিম কাৰ্দিচিয়ানৰ দৰে হ'ব বিচৰা বহু যুৱতীৰ আশাত চেচাপানী ঢালিলে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|