• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • The Game of Ludo : 'লুডু' ভাগ্যৰ খেল নে দক্ষতাও লাগে 'লুডু' খেলিবলৈ? ভাৰতৰ এখন আদালতত 'লুডু' খেলক লৈ বিচাৰ।

The Game of Ludo : 'লুডু' ভাগ্যৰ খেল নে দক্ষতাও লাগে 'লুডু' খেলিবলৈ? ভাৰতৰ এখন আদালতত 'লুডু' খেলক লৈ বিচাৰ।

representative image

representative image

অনলাইন লুডু খেলৰ জড়িয়তে জুৱা খেলক উৎসাহিত কৰাৰ অভিযোগত এটা লুডু খেলৰ এপ কোম্পানীৰ বিৰুদ্ধে গোচৰ তৰিছে ৰাজনৈতিক নেতাজনে।

  • Share this:
কোৰোণা, কাৰ্ফিউ, লকডাউনৰ সময়ত চাৰি বেৰৰ মাজত আৱদ্ধ হৈ পৰা জীৱনত ঘৰত লুডু খেলাটো এক প্ৰকাৰ সকলোৰে দৈনিক কাম হৈ পৰিছে। এনেয়েও ভাৰতীয়ৰ মাজত বেছ জনপ্ৰিয় লুডু খেল। পিছে এই লুডু খেল এতিয়া পাছেগৈ আদলতৰ মজিয়া। স্বাভাৱিক দৃষ্টিত লুডু খেলক লৈ গোচৰ তৰিব লগা কিনো আছে? কিন্তু এই লুডু খেলৰ লগত যদি টকা-পইচাৰ লেন-দেন সাঙোৰ খাই পৰে তেন্তে কথাটো অলপ গণ্ডগোলীয়াই হৈ পৰে। পৰিণতিত বোম্বে উচ্চ ন্যায়ালয়ত চলিছে লুডুক লৈ বিচাৰ।

আচলতে লুডু খেলিবলৈ দক্ষতা বা কৌশলৰ দৰকাৰ নে এইয়া এক ভাগ্যৰহে খেল? এই প্ৰশ্ন লৈ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল মুম্বাইৰ এজন ৰাজনৈতিক নেতা। পিছে সাধাৰণ লুডু খেলক লৈ নহয়, অনলাইন লুডু খেলৰ বিপক্ষেহে।

অনলাইন লুডু খেলৰ জড়িয়তে জুৱা খেলক উৎসাহিত কৰাৰ অভিযোগ উত্থাপন কৰি এটা লুডু খেলৰ এপ চলোৱা কোম্পানীৰ বিৰুদ্ধে গোচৰ তৰিছে ৰাজনৈতিক নেতাজনে। খেলত জয়ী হোৱা জনে প্ৰাইজমানী পায় বুলি আদালতকো কৰিছে অৱগত। লগতে এপত লুডুৰ ডাইচ ৰোল কৰা পদ্ধতি এপটোৱে নিয়ন্ত্ৰণ কৰিব পাৰে বুলিও অভিযোগ কৰিছে নেতাজনে।

মহাৰাষ্ট্ৰ নৱ নিৰ্মাণ সেনাৰ নেতা কে আৰ মুলেই তৰিছিল এই গোচৰ। কিন্তু গিৰগাঁও আদালতত মহানগৰ দণ্ডাধীশে তেওঁৰ এই আবেদন গ্ৰহণ কৰাৰ পৰা বিৰত থাকে আৰু আৰক্ষীকো এজাহাৰ লিপিবদ্ধ নকৰিবলৈ নিৰ্দেশ দিয়ে। দণ্ডাধীশৰ মতে লুডু খেল জিকিবলৈ ভাগ্য নহয়, দক্ষতা লাগে।

কিন্তু দণ্ডাধীশৰ ৰায়ক প্ৰত্যাহ্বান জনাই বোম্বে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় কে আৰ মুলেই। ন্যায়ালয়ে ২২ জুনলৈ পিছুৱাইছে এই গোচৰৰ শুনানি। এই সময়ৰ ভিতৰত ৰাজ্য চৰকাৰকো উত্তৰ দিবলৈ দিছে নিৰ্দেশ।
Published by:Manjumoni Borah
First published: