#MISSIONPAANI : বিশ্বত বাঢ়িছে বানৰ প্ৰকোপ, জলপ্ৰলয় হ’ব নে কি?

বিশ্বৰ প্ৰান্তে প্ৰান্তে জলপ্ৰলয়ে আনিছে অশনি সংকেত।

News18
Updated:July 13, 2019, 5:43 PM IST
#MISSIONPAANI : বিশ্বত বাঢ়িছে বানৰ প্ৰকোপ, জলপ্ৰলয় হ’ব নে কি?
বিশ্বৰ প্ৰান্তে প্ৰান্তে জলপ্ৰলয়ে আনিছে অশনি সংকেত।
News18
Updated: July 13, 2019, 5:43 PM IST
মনুস্মৃতি হওক বা বাইবেল, অনেক ধৰ্মগ্ৰন্থত উল্লেখ কৰা হৈছে যে সৃষ্টিৰ ৰচনা আৰু অন্ত দুয়োটাৰে কাৰণ পানী। দীঘলীয়া সময়ৰ পৰা এই কথাও আলোচনা কৰি অহা হৈছে যে তৃতীয় বিশ্বযুদ্ধও ভৱিষ্যতে পানীৰ কাৰণেই হ’ব। গ্ল’বেল ৱাৰ্মিংৰ কাৰণে গ্লেচিয়াৰ গলিবলৈ আৰম্ভ কৰিছে, সমুদ্ৰ স্তৰ বাঢ়িছে আৰু বতৰ এনেধৰনৰে খেলিমেলি হ’বলৈ লৈছে যে কেতিয়া ক’ত কি হ’ব কোৱাটো কঠিন। এইমুহূৰ্তত কেৱল ভাৰত বা এছিয়াতে নহয় সমগ্ৰ বিশ্বতে পানীৰ সৈতে জড়িত বিভিন্ন সমস্যাই মানুহক ভাৰাক্ৰান্ত কৰি ৰাখিছে। অসমসহ দেশৰ বিভিন্ন প্ৰান্ত বানত ককবকোৱা সময়ত পানীৰ বিষয়ে জনাটো কিছু প্ৰয়োজন।

দৰাচলতে মানুহে প্ৰকৃতিক যিমান আঘাত কৰিছে তাৰে প্ৰতিক্ৰিয়া এতিয়া ভোগ কৰিবলৈ পাইছে। মানৱসৃষ্ট প্ৰাকৃতিক আপদৰ সৈতে মানুহে এতিয়া জুৰুলা হ’বলগীয়া হৈছে। 

আমেৰিকাস্থিত এঅ’এন নামৰ সংস্থাটোৱে সমগ্ৰ বিশ্বত মানৱসৃষ্ট আপদৰ পৰা হোৱা লোকচানৰ বিষয়ে তথ্য সংগ্ৰহ কৰে। তেওঁলোকে সংগ্ৰহ কৰা তথ্য অনুসৰি চলিত বৰ্ষৰ ৩১মাৰ্চ পৰ্যন্ত ৮বিলিয়ন ডলাৰৰ লোকচান হৈছে এনেধৰনৰ দুৰ্যোগৰে মোকাবিলা কৰোতে। সংস্থাটোৱে সংগ্ৰহ কৰা এই তথ্য ২০১৯ৰ ৩১ মাৰ্চৰ পূৰ্বৰ তথ্য অৰ্থাৎ ইয়াত ওড়িশাৰ ফণী, অসম তথা দেশৰ আন প্ৰান্তৰ শেহতীয়া বানৰ লোকচানক অন্তৰ্ভুক্ত কৰা হোৱা নাই। ওড়িশাৰ ফণী ধুমুহাৰ ফলত ১২হাজাৰ কোটি টকাৰ লোকচান হোৱাৰ লগতে অসমত এইপৰ্যন্ত বানত হাজাৰ কোটি টকা পৰ্যন্তৰ লোকচান হৈছে। এই প্ৰতিবেদনত এই কথাও প্ৰকাশ কৰা হৈছে যে ভাৰতত বতৰক লৈ পৰিস্থিতি অতি গম্ভীৰ।

ভাৰতৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰতো মাৰ্চ মধ্যভাগলৈকে বৰফপাত, বৰষুণ, তাপমাত্ৰা, ধুমুহা আদিৰ কাৰণে যথেষ্ট ক্ষতি হৈছে। আমেৰিকাত পানীৰ সৈতে জৰিত আপদে ৪আৰৱ ডলাৰ পৰ্যন্তৰ ক্ষতি কৰাৰ অনুমান কৰা হৈছে।

ইৰাণত তিনি আৰৱ ডলাৰ ডুবিল। মাৰ্চ আৰু এপ্ৰিল মাহত বৰষুণৰ ফলত বান পৰিস্থিতি অতি সংকটজনক হৈ পৰে। ৭০জন লোকে প্ৰাণ হেৰুৱাৰ লগতে ৬০০ৰো অধিক লোক আহত হয়। ইৰাণত বান পৰিস্থিতিৰ কাৰণে চাৰে তিনি আৰৱ ডলাৰৰ লোকচান হৈছে। ইৰাক আৰু ছিৰিয়াতো বানে প্ৰলয়ৰ সৃষ্টি কৰে। এইপৰ্যন্ত ক্ষতিৰ অনুমান কৰিব পৰা হোৱা নাই। দক্ষিণ আফ্ৰিকাতো তিনিটাকৈ প্ৰান্তত মূষলধাৰ বৰষুণৰ ফলত বানৰ উদ্ভৱ হয়।

এছিয়াত প্ৰৱল ক্ষতিসাধন

মাৰ্চৰ আৰম্ভনিতে আফগানিস্তানৰ ছয় প্ৰান্তত প্ৰৱল বৰষুণৰ ফলত ৪৫জন লোকৰ মৃত্যু হোৱাৰ লগতে ৪হাজাৰ ঘৰ ক্ষতিগ্ৰস্ত হয়। একেধৰনে পাকিস্তানতো বানৰ বাবে ২৫জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু ঘৰ ধ্বংসপ্ৰাপ্ত হয়। এছিয়াৰ ইণ্ডোনেচিয়া, নেপাল আৰু বাংলাদেশৰ দৰে দেশত বান আৰু সংকটৰ সৈতে জৰিত সমস্যা দেখা পোৱা যায়। চীনত বানৰ ফলত ৪কোটি ডলাৰৰ আৰ্থিক ক্ষতিসাধনৰ লগতে আঢ়ৈ হাজাৰ ঘৰৰ ক্ষতিসাধন হয়। 

আন দেশতো দুৰৱস্থা

নিউজীলেণ্ডত প্ৰৱল বৰষুণৰ ফলত সৃষ্ট বানে শ শ ঘৰ উটুৱাই নিয়ে আৰু লোকচানৰ পৰিমাণ কোটি কোটি ডলাৰৰ ঘৰলৈ যায়। আফ্ৰিকাৰ মোজাম্বিক, জিম্বাবয়ে আৰু মালাবীৰ দৰে প্ৰান্তত প্ৰৱল বৰষুণৰ ফলত বৃহৎ ক্ষতি হয়। ইউৰোপৰো বহু ঠাইত অৱস্থা বেয়া। ইউৰোপত ধুমুহা আৰু ঘূৰ্ণীবতাহৰ ফলত কোটি কোটি ডলাৰৰ লোকচান হয়। জাৰ্মানী আৰু ফ্ৰান্স সহ মধ্য আৰু পশ্চিম ইউৰোপত সকলোতকৈ ভয়ংকৰ পৰিস্থিতি।

ৱেডাৰ, ক্লাইমেট এণ্ড কেটেষ্ট্ৰফী ইনছাইটৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি ২০১৮চনত প্ৰাকৃতিক আপদৰ ফলত সমগ্ৰ বিশ্বত ২২৫আৰৱ ডলাৰৰ ক্ষতিসাধন হয়। অৱশ্যে ২০১৭চনৰ তুলনাত এই ক্ষতি কিছু কম হোৱাৰ কথা কোৱা হৈছে। কিন্তু একেৰাহে তৃতীয় বৰ্ষৰ বাবে প্ৰাকৃতিক আপদৰ কাৰণে লোকচানৰ পৰিমাণ ২০০ আৰৱ ডলাৰলৈকে হোৱা দেখা গৈছে। ২০০০চনৰ পিছত এনেদৰে বৃহৎ ক্ষতি দশমবাৰলৈ হৈছে।

বান আৰু ঘূৰ্ণীবতাহৰ কাৰণেই সমগ্ৰ বিশ্বত সৰ্বাধিক ক্ষতি হোৱাৰ কথা বিগত বৰ্ষৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। ভাৰত সহ এছিয়া পেচিফিকত সকলোতকৈ ইয়াৰ কাৰণে লোকচান হৈছে। মুঠ লোকচানৰ ৩৫ৰ পৰা ৪০শতাংশ ক্ষতি এই প্ৰান্তত দেখা গৈছে। মন কৰিবলগীয়া যে ভাৰতসহ দক্ষিণ এছিয়া বা মধ্য পূৱত এক বিড়ম্বনা যে এই অঞ্চলসমূহত বানৰ লগতে খৰাঙেও ভয়ংকৰ সমস্যাৰ সৃষ্টি কৰিছে।

এই প্ৰতিবেদনৰ ভিত্তিত সামগ্ৰিকভাৱে ক’ব পাৰি যে গ্ল’বেল ৱাৰ্মিং আৰু পাৰিপাৰ্শ্বিকতাৰ পৰিৱৰ্তনৰ ফলত সৃষ্টি হোৱা সমস্যাৰ ক্ষেত্ৰত নিৰ্ণায়ক সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে। এতিয়া যদি পলম হয় তেনেহ’লে বিশ্বত শীঘ্ৰে জলপ্ৰলয় হোৱাৰ আশংকা প্ৰৱল! এই কথা মানুহে যিমান সোনকালে বুজি পায় সিমান ভাল।
আৰু চাওক পৰৱৰ্তী বাতৰি