দুবছৰ বয়সত আক্ৰান্ত হৈছিল যক্ষ্মা ৰোগত। ৯ মাহ ধৰি নিৰন্তৰ এণ্টিবায়'টিক চিকিৎসা সহ্য কৰিব লগা হৈছিল তেওঁ। তেওঁৰ কিশোৰ কালপুষ্টিহীনতা আৰু অস্বাস্থ্যত অতিবাহিত হৈছিল। এইগৰাকী পায়েল কোঠাৰী (Payal Kothari) আজি ‘GutAvatar and INUEN’ৰ প্ৰতিষ্ঠাপক। তেওঁ ভাৰতৰ কেইজনমান IIN প্ৰমাণিত প্ৰশিক্ষকৰ মাজৰ এজন। পায়েলে বৰ্তমান একত্ৰীকৰণমূলক পুষ্টি আৰু ৰূপান্তৰ (Integrative Nutrition and Transformation)ৰ অনুশীলন কৰে। পায়েলে বিশ্বৰ সৰ্ববৃহৎ পুষ্টি বিদ্যালয় নিউয়ৰ্কৰ ইনষ্টিটিউট ফৰ ইণ্টিগ্ৰেটিভ নিউট্ৰিচন (Institute for Integrative Nutrition)ৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল।
চলিত বৰ্ষৰ মাৰ্চ মাহত পায়েলে তেওঁৰ কিতাপ 'দ্য গাট: ষ্টৰী অৱ আৱাৰ ইনক্ৰিডিবল ছেকেণ্ড ব্ৰেইন' (The Gut: Story of Our Incredible Second Brain) প্ৰকাশ কৰে। তেওঁ কিতাপখনত বৰ্ণনা কৰিছে যে মানৱ শৰীৰৰ কোনবোৰ অংশ অন্ত্ৰত পৰে আৰু সেইবোৰে আমাৰ শৰীৰৰ আন অংশৰ সৈতে কেনেদৰে কাম কৰে। কিতাপখন এক অৰ্থত অভিযোজিত জীৱনশৈলীৰ নিৰ্দেশনাৰ দৰে। লেখিকাগৰাকীয়ে তেওঁৰ ব্যক্তিগত অভিজ্ঞতাৰ বিভিন্ন উদাহৰণ দাঙি ধৰি আমাৰ দৈনন্দিন জীৱনশৈলী ব্যাখ্যা কৰে।
পায়েলে মগজুৰ সৈতে আমাৰ অন্ত্ৰৰ সম্পৰ্ক কেনেদৰে আছে আৰু আমাৰ অন্ত্ৰ-মগজুৰ সংযোগ সুচাৰু ৰূপে বজাই ৰাখি সেই সম্পৰ্কটো কেনেদৰে শক্তিশালী কৰিব পাৰি তাৰ বৰ্ণনা কৰে। কিতাপখনে খাদ্য সম্পৰ্কীয় বিভিন্ন পৌৰাণিক কাহিনীৰ জৰিয়তে আমাৰ শৰীৰত বিভিন্ন প্ৰকাৰৰ খাদ্যৰ প্ৰভাৱৰ বিষয়ে বৰ্ণনা কৰিছে। ইয়াৰ উপৰি, আমাৰ মন, শৰীৰ আৰু স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ'লে (উদাহৰণ স্বৰূপে গৰ্ভধাৰণ) কেনে ধৰণৰ খাদ্য দৈনিক তালিকাত ৰাখিব লাগে তাৰ বিতং ব্যাখ্যাও পঢ়ুৱৈসকলে পাব।
পায়েলে পানী, অনাময়, পৰিচ্ছন্নতা আৰু সুস্বাস্থ্যৰ দাবীত স্বদেশত এজন সক্ৰিয় ভোটাৰ হিচাপে অংশগ্ৰহণ কৰিছিল। গতিকে পুষ্টিকৰ খাদ্য, স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি তেওঁৰ দৃষ্টিভংগীয়ে ভাৰতক পুষ্টিহীনতাৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰাত সহায় কৰিব পাৰে। তেওঁৰ উদ্ভাৱনী কৌশলৰ জৰিয়তে পায়েল কোঠাৰীয়ে লোকসকলক সামগ্ৰিক কল্যাণৰ বিষয়ে সজাগ কৰিবলৈ তৎপৰ।
পায়েলে শেহতীয়াকৈ NEWS18 আৰু হাৰ্পিক ইণ্ডিয়া (Harpic India)ৰ দ্বাৰা আয়োজিত মিছন পানী (Mission Paani)ৰ বিশ্ব শৌচালয় দিৱস (World Toilet Day) অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই অভিযানৰ উদ্দেশ্য হৈছে সুৰক্ষিত খোৱাপানী, অনাময় আৰু পৰিচ্ছন্নতাৰ ওপৰত ব্যক্তি, সংগঠন আৰু চৰকাৰী সংস্থাকে ধৰি সকলোৰে মাজত সজাগতা সৃষ্টি কৰা।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|