• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Mirabai Chanu: উত্তৰ পূবেই নহয় সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই লৈ অহা ইম্ফলৰ মীৰাবাই চানুৰ বিষয়ে আপুনি নজনা বহু কথা...

Mirabai Chanu: উত্তৰ পূবেই নহয় সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই লৈ অহা ইম্ফলৰ মীৰাবাই চানুৰ বিষয়ে আপুনি নজনা বহু কথা...

সংগ্ৰামৰ ভেটিত সফলতাৰ এক নতুন অভিলেখ লিখা ভাৰতৰ ভাৰোত্তোলক মীৰাবাই চানুৱে ইতিহাস ৰচনা কৰিছে। তেওঁ টকিঅ' অলিম্পিকত (Tokyo Olympic) ৰূপৰ পদক জিকিছে।

সংগ্ৰামৰ ভেটিত সফলতাৰ এক নতুন অভিলেখ লিখা ভাৰতৰ ভাৰোত্তোলক মীৰাবাই চানুৱে ইতিহাস ৰচনা কৰিছে। তেওঁ টকিঅ' অলিম্পিকত (Tokyo Olympic) ৰূপৰ পদক জিকিছে।

সংগ্ৰামৰ ভেটিত সফলতাৰ এক নতুন অভিলেখ লিখা ভাৰতৰ ভাৰোত্তোলক মীৰাবাই চানুৱে ইতিহাস ৰচনা কৰিছে। তেওঁ টকিঅ' অলিম্পিকত (Tokyo Olympic) ৰূপৰ পদক জিকিছে।

  • Share this:
সংগ্ৰামৰ ভেটিত সফলতাৰ এক নতুন অভিলেখ লিখা ভাৰতৰ ভাৰোত্তোলক মীৰাবাই চানুৱে ইতিহাস ৰচনা কৰিছে। তেওঁ টকিঅ' অলিম্পিকত (Tokyo Olympic) ৰূপৰ পদক জিকিছে। তেওঁ এই প্ৰতিযোগিতাত ৰূপৰ পদক জয় কৰা দেশৰ প্ৰথম গৰাকী মহিলা হৈ পৰিছে। ৰিঅ' অলিম্পিকতো তেওঁৰ উচ্চ প্ৰত্যাশা আছিল কিন্তু হতাশাজনক প্ৰদৰ্শনত বাহিৰ হৈছিল। তাৰ পিছত তেওঁ হতাশাত পৰিছিল কিন্তু সকলো অসুবিধা আঁতৰাই ঘূৰি আহিছিল আৰু টকিঅ'ত দেশখনক প্ৰথম পদক জিকিছিল।

মণিপুৰৰ ভাৰোত্তোলকে ৪৯ কিলোগ্ৰাম শাখাত পদক জিকিছিল। ভাৰোত্তোলনত অলিম্পিকত এইটো ভাৰতৰ দ্বিতীয় পদক। মীৰাবাইৰ আগতে, কৰ্ণম মল্লেশ্বৰীয়ে চিডনী ২০০০ অলিম্পিক গেমছত ব্ৰঞ্জৰ পদক জিকিছিল। মীৰাবাই স্নেচত ৮৭ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত ১১৫ কিলোগ্ৰাম তুলিছিল। মীৰাবাই য়ে এনেদৰে ৰূপ ৰং জিকিবলৈ মুঠ ২০২ কিলোগ্ৰাম ওজন তুলিছিল। এই ভাৰোত্তোলকগৰাকীৰ বিষয়ে সকলো কথা জানি লও আহক

নাম : চৈখোম মীৰাবাই চানু

বয়স : ২৭ বছৰ

খেল : ভাৰোত্তোলন

ঠিকনা : নংপক কাকচিং, লিমিং, জিলা - ইম্ফল ইষ্ট, মণিপুৰ

শিক্ষাগত অৰ্হতা : বিএ (স্নাতক)

গুৰুত্বপূৰ্ণ সাফল্যসমূহ:
কমনৱেলথ গেমছ, গ্লাছগো, ২০১৪ ত ৰূপৰ পদক

মহিলা জ্যেষ্ঠ ৰাষ্ট্ৰীয় ভাৰোত্তোলন চেম্পিয়নশ্বিপ, ২০১৬ ত স্বৰ্ণ পদক

বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ, আনাহেম, আমেৰিকা যুক্তৰাষ্ট্ৰ, ২০১৭ ত স্বৰ্ণ পদক

২০১৮ চনত ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা

২০১৮ চনত পদ্মশ্ৰী সন্মান

মহিলা জ্যেষ্ঠ ৰাষ্ট্ৰীয় ভাৰোত্তোলন চেম্পিয়নশ্বিপ, মেংগালুৰু, জানুৱাৰী ২০১৮ ত স্বৰ্ণ পদক

কমনৱেলথ গেমছ, গোল্ড কোষ্ট অষ্ট্ৰেলিয়া, ২০১৮ ত সোণৰ পদক

২০২১ চনৰ এপ্ৰিলত তাচখন্দত অনুষ্ঠিত এছিয়ান চেম্পিয়নশ্বিপত ১১৯ কিলোগ্ৰাম উত্তোলন কৰি ক্লিন এণ্ড জাৰ্কত বিশ্ব অভিলেখ

নিযুক্তি (চাকৰি) : জ্যেষ্ঠ টিকট সংগ্ৰাহক হিচাপে ৩১.০৮.২০১৫
লামডিং বিভাগ/এনএফআৰৰ অধীনত

বৰ্তমানৰ পোষ্ট : এপ্ৰিল ২০১৮-ৰ পৰা পিচিপিঅ'ৰ অধীনত অ'এছডি (ক্ৰীড়া)
Published by:Kokil Sarma
First published: