আগন্তুক বৰ্ষবোৰৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলৈ মিৰাবাই চানু (Mirabai Chanu)ক অনুপ্ৰাণিত কৰিলে ক্ৰিকেটৰ ঈশ্বৰ শচীন তেণ্ডুলকাৰ (Sachin Tendulkar)এ।
টকিঅ' অলিম্পিক (Tokyo Olympics 2020)ত ভাৰোত্তলনত ৰূপৰ পদক জয় কৰি দেশক গৌৰৱান্বিত কৰা মণিপুৰৰ খেলুৱৈ মিৰাবাই চানু (Mirabai Chanu)ৰ ৰূপৰ পদকটো হাতেৰে চুই চালে ক্ৰিকেটৰ ঈশ্বৰ (God of Cricket) শচীন তেণ্ডুলকাৰ ( Sachin Tendulkar)এ। মিৰাবাই চানুৱে এই ফটো শ্বেয়াৰ কৰাৰ পিছতে ফটোখনে লাভ কৰিছে ভূয়সী প্ৰশংসা।
আজি পুৱা মিৰাবাই চানুৱে সাক্ষাৎ কৰিছিল শচীন তেণ্ডুলকাৰক। মিৰাবাইয়ে কয়, "শচীনক লগ পাই আনন্দিত হ'লো। তেওঁৰ জ্ঞানগৰ্ভ আৰু প্ৰেৰণাদায়ক কথাবোৰ আজীৱন মোৰ সৈতে থাকিব। সচাকৈ বহুত অনুপ্ৰাণিত হ'লোঁ।"
শচীনেও টুইটাৰত মিৰাবইৰ পোষ্টৰ সহাৰি দিয়ে। শচিনে কয়, "মইও সমানেই আনন্দিত হৈছোঁ। মণিপুৰৰ পৰা টকিঅ'লৈ তোমাৰ উত্থানৰ যাত্ৰাই মোক অভিভূত কৰিছে। অহা বছৰবোৰত আৰু বহু ঠাইলৈ যাব লাগিব তুমি, পৰিশ্ৰম কৰি থাকা..."
উল্লেখ্য যে মিৰাবাই চানু হৈছে অলিম্পিকত ভাৰোত্তলনত ৰূপৰ পদক পোৱা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|