মিৰাবাই চানু আজি ভাৰতৰ নয়নৰ মণি। এই মিৰাবাই যেতিয়া সৰু আছিল তেতিয়া পৰিয়ালৰ উপাৰ্জনৰ বাবে ঘৰৰ ওচৰতে মাকে এখন সৰু গুমটিৰ দৰে চাহৰ দোকান দিছিল। প্ৰায় প্ৰতিদিনে এই চাহৰ দোকানখনৰ সন্মুখেৰে পাৰ হৈ গৈছিল ৰাজধানী ইম্ফললৈ বালি কঢ়িওৱা বহু ট্ৰাক। এই বালিৰ ট্ৰাকবোৰৰ ড্ৰাইভাৰসকলে সদায় মিৰাবাইৰ মাকৰ চাহৰ দোকানৰ সন্মুখত ৰৈছিলহি আৰু দোকানত চাহ খাই গুছি গৈছিল। যাবৰ সময়ত মিৰাবাই এনে একোখন ট্ৰাকতে উঠি গৈছিল প্ৰায় ৩০ কিলোমিটাৰ দূৰৰ ক্ৰীড়া একাডেমীলৈ। প্ৰশিক্ষণ সামৰি পুনৰ এখন ট্ৰাকত উভতি আহিছিল মিৰাবাই। কেইবাবছৰ এনেদৰে বালিৰ ট্ৰাকত উঠি প্ৰশিক্ষণ গ্ৰহণ কৰিছিল মিৰাবাই চানুৱে। সেই দিনত ৰাজহুৱা পৰিবহণ ব্যৱস্থা অতি কম আছিল আৰু ব্যক্তিগতভাৱে গাড়ী লৈ যোৱাতো মিৰাবাইৰ বাবে আছিল অকল্পনীয়। সেই সময়ত যেন ঈশ্বৰৰ ৰূপত আহিছিল এইসকল ট্ৰাক ড্ৰাইভাৰ।
সকলোতকৈ লক্ষণীয় কথাটো হ'ল এই গোটেই সময়খিনিত কোনোধৰণৰ বিপদ হোৱা নাছিল মিৰাবাই চানুৰ। বিপৰীতে সহজেই অনুমেয় এই ট্ৰাক ড্ৰাইভাৰসকল নাথাকিলে কিমান বিপদ হ'লহেঁতেন মিৰাবাইৰ!
অলিম্পিকৰ পদক জয় কৰি অহাৰ পিছতে মিৰাবাই চানুৱে মিজৰ টুইটাৰত লিখিছিল সেইসকল ট্ৰাক ড্ৰাইভাৰৰ কথা যিসকল নাথাকিলে হয়তো আজি মিৰাবাই চানুৰ দৰে মুকুতা এটিক ভাৰতে নাপালেইহেঁতেন। সেই ট্ৰাক ড্ৰাইভাৰসকলক আজি নিজৰ ঘৰত লগ পাই নষ্টালজিক হৈ পৰে অলিম্পিয়ানগৰাকী।
মিৰাবাই চানুৱে লিখিছিল যে তেওঁ সেই ট্ৰাক ড্ৰাইভাৰসকলক সহায় কৰিব বিচাৰে আৰু আশা কৰিছিল যে তেওঁলোকে নিশ্চয় মিৰাবাইক লগ কৰিব। বৃহস্পতিবাৰে সেই ট্ৰাক ড্ৰাইভাৰসকলৰ সৈতে মুখামুখি হ'ল অলিম্পিয়ান মিৰাবাই। চানুৱে ট্ৰাকড্ৰাইভাৰসকলক পুৰষ্কৃত কৰিলে, তেওঁলোকৰ খবৰ ল'লে। ফিল্ম নিৰ্মতা Naorem Mohenএ টুইটযোগে এই কথা জনায়।
কথাতে কয়, মানুহে সফলতাৰ শৃংগত আৰোহণ কৰিও নিজৰ অতীত পাহৰি নোযোৱাজনহে প্ৰকৃত মানুহ! দুখৰ দিনৰ সংগীসকলক পাহৰি নোযোৱাজনহে প্ৰকৃত লোক। তেনে এক বিৰল নিদৰ্শন দাঙি ধৰিলে মিৰাবাই চানুৱে। অলিম্পিকত ৰূপৰ পদক জয় কৰি মিৰাবাই চানুৱে গোটেই ভাৰততে একেৰাতিৰ ভিতৰতে বিখ্যাত হৈ পৰিল যদিও মিৰাবাই চানুৱে পাহৰি যোৱা নাই তেওঁৰ সংগ্ৰামৰ সহচৰ সকলক।
Published by: Manjumoni Borah
FIRST PUBLISHED : August 05, 2021, 23:39 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।