Independence Day Celebration: পীয়ুষ হাজৰিকা–আইমী বৰুৱাৰ কণমানি পুত্ৰই কী বোৰ্ডত বজালে সাৰে জাহা চে অচ্ছা , চাওক Video

News18 Assam | News18-Assam
Updated:August 15, 2020, 2:12 PM IST
Independence Day Celebration: পীয়ুষ হাজৰিকা–আইমী বৰুৱাৰ কণমানি পুত্ৰই কী বোৰ্ডত বজালে সাৰে জাহা চে অচ্ছা , চাওক Video
ফটো ক্ৰেডিটঃ আইমী বৰুৱা অফিচিয়েল ফেচবুক পেজ

মাতৃ আইমী বৰুৱাই আপলোড কৰিছে সন্তানে কী বোৰ্ড বজোৱাৰ ভিডিও।

  • Share this:
স্বদেশ প্ৰেমৰ মূৰ্চনা আমাৰ প্ৰত্যেকৰে শিৰে শিৰে। কণমানিটিৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠ জনলৈকে স্বাধীনতা দিৱসৰ দিনা গৌৰৱান্বিত আৰু দেশৰ স্বাধীনতাক লৈ আহ্লাদিত। কোনোবাই গীতেৰে কোনোবাই অন্য ধৰণে স্বদেশ প্ৰেমৰ বাৰ্তা দিছে, স্বাধীনতা দিৱসৰ জয়গান গাইছে। ছচিয়েল মিডিয়া ভৰি পৰিছে স্বদেশ প্ৰেমমূলক গীত–কবিতাৰে। কোৰোণাৰ কাৰণে এইবাৰ স্বাধীনতা দিৱসৰ আয়োজন অনুষ্টুুপীয়া হ’লেও ত্ৰিৰংগাৰ তলত সন্মান প্ৰদৰ্শন আৰু শুভেচ্ছা বাৰ্তাৰে ইজনে সিজনৰ সৈতে উদযাপন কৰিছে স্বাধীনতা দিৱস।

ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু অভিনেত্ৰী আইমী বৰুৱাৰ কণমানি পুত্ৰ বীৰৰ এটা ভিডিও শেহতীয়াকৈ ছচিয়েল মিডিয়াত আহিছে আৰু বিভিন্নজনে চাইছে কণমানিটিয়ে একান্ত মনে কীবোৰ্ডত আঙুলি বোলাই যোৱাৰ দৃশ্য। মৰমলগা বীৰে খেলনা কী বোৰ্ডত বজাইছে সাৰে জাহা চে আচ্ছা... অপৈণত বয়সৰ অনভিজ্ঞ আঙুলিৰেই শিশুটিয়ে ফুটাই তুলিছে চিৰসেউজ গীতটিৰ মূৰ্চনা।



মাতৃ আইমী বৰুৱাই আপলোড কৰা বীৰৰ এই ভিডিও ইতিমধ্যে চাইছে বিভিন্নজনে।
First published: August 15, 2020, 2:12 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি