মাঘত বিয়া...! জীয়ৰীক পিন্ধাওক চৰকাৰী সোণ, কিন্তু কেনেকৈ?

News18-Assam
Updated:November 20, 2019, 1:34 PM IST
মাঘত বিয়া...! জীয়ৰীক পিন্ধাওক চৰকাৰী সোণ, কিন্তু কেনেকৈ?
Source-Google

চৰকাৰী সোণ লাভ কৰিবলৈ দৰা–কইনা হ’ব লাগিব মেট্ৰিক উত্তীৰ্ণ। আদিবাসী, চাহ জনজাতিৰ দৰা কইনাক নালাগে শিক্ষাগত অৰ্হতা।

  • Share this:
ৰ’ব, খৰধৰ নকৰিব, ছোৱালীজনীৰ ১৮ বছৰ হ’বলৈ দিয়ক! নূন্যতম ১৮ বছৰ বয়সত বিয়া দিলে চৰকাৰে আপোনাৰ কন্যাক দিব এতোলা সোণ।  অৰুন্ধতী স্বৰ্ণ আঁচনি সম্পৰ্কত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেল। বিবাহ পঞ্জীয়নৰ লক্ষ্যৰে চৰকাৰে মুকলি কৰিছে এই আঁচনি।

 আচঁনি খনৰ লক্ষ্য, উদ্দেশ্য

১. বাল্য বিবাহ ৰোধৰ বাবে চৰকাৰে লৈছে অভিলাসী আচঁনি। অৰুন্ধতী আঁচনিৰ জৰিয়তে চৰকাৰে বিবাহ উপযুক্ত ছোৱালীক দিব এতোলাকৈ সোণৰ মূল্য।

২. বিবাহ পঞ্জীয়ন হ’লেহে লাভ কৰিব এতোলা সোণ ক্ৰয়ৰ বাবে ৩০,০০০ টকা। বিবাহ পঞ্জীয়নৰ চাৰিদিনৰ ভিতৰত বিবাহ উপযুক্ত ছোৱালীৰ একাউণ্টত জমা হ’ব ধনৰাশি।

৩.চৰকাৰী সোণ লাভ কৰিবলৈ দৰা–কইনা হ’ব লাগিব মেট্ৰিক উত্তীৰ্ণ। আদিবাসী, চাহ জনজাতিৰ দৰা কইনাক নালাগে শিক্ষাগত অৰ্হতা।

৪. অৰুন্ধতী স্বৰ্ণ আচনিখন ২০২০ চনৰ ১ জানুৱাৰীৰ পৰা বলবৎ হ’ব।

৫. আচঁনিখনৰ অংশীদাৰ হ’বলৈ স্পেছিয়েল মেৰেজ এক্ট, ১৯৫৪ৰ অধীনত বিবাহ পঞ্জীয়ন কৰাব লাগিব। চক্ৰ বিষয়াৰ কাৰ্য্যলয়তো বিবাহ পঞ্জীয়নৰ ব্যৱস্থা থাকিব।

৬. ডিচেম্বৰত সামাজিক ভাবে বিয়া পাতিলেও ২০২০ চনত পঞ্জীয়নৰ সুবিধা লব পাৰিব।

৭.হিতাধিকাৰীৰ অভিভাৱক অথবা নিজে বছৰে ৫ লাখ তলত উপৰ্জন কৰিলেহে এই আচনিৰ সুবিধা পাব।
আৰু চাওক পৰৱৰ্তী বাতৰি