ভাল খবৰঃ মোদী চৰকাৰৰ নতুন আইন, ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ মাহিলী দৰমহা হ’ব ন্যূনতম ২৪ হাজাৰ টকা!

News18-Assam
Updated:July 25, 2019, 1:12 PM IST
ভাল খবৰঃ মোদী চৰকাৰৰ নতুন আইন, ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ মাহিলী দৰমহা হ’ব ন্যূনতম ২৪ হাজাৰ টকা!
ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা কৰ্মচাৰী সকলৰ বাবে সুখবৰ! মহিলা কৰ্মচাৰীকো দিছে ভাল খবৰ।

ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা কৰ্মচাৰী সকলৰ বাবে সুখবৰ! মহিলা কৰ্মচাৰীকো দিছে ভাল খবৰ।

  • Share this:
ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা কৰ্মচাৰী সকলৰ বাবে সুখবৰ! মোদী চৰকৰাৰ নতুন নিৰ্দেশ অনুসৰি এতিয়াৰ পৰা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা কৰ্মচাৰীয়ে মাহিলী নূন্যতম দৰমহা ২৪ হাজাৰ টকা লাভ কৰিব। যদি কোনো প্ৰতিষ্ঠানে কৰ্মচাৰীক এই সুবিধাৰ পৰা বঞ্চিত কৰে তেন্তে কোম্পানীটোৰ বিৰুদ্ধে আইনৰ সহায় ল’ব পাৰিব।

কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা মন্ত্ৰী জিতেন্দ্ৰ সিঙে কয় যে  কৰ্মচাৰীক তেঁওলোকৰ কৰ্মৰ বাবদ নূন্যতম দৰমহা দিয়াটো আৱশ্যক বুলি উল্লেখ কৰে। বুধবাৰে লোকসভাত মন্ত্ৰীজনে কয় যে ২০১৭ চনত মোদী চৰকাৰে নূুন্যতম বেতন আইন সংশোধন কৰিছিল। এতিয়া নূন্যতম মজুৰি ৪০ শতাংশ বৃদ্ধি কৰা হ’ল। ফলত ১৮ হাজাৰৰ পৰা বৃদ্ধি কৰি ২৪ হাজাৰ টকা কৰা হ’ল কৰ্মচাৰীৰ নূন্যতম মাহিলী দৰমহা।

সেইদৰে মহিলা কৰ্মচাৰী সকলৰ ক্ষেত্ৰতো কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মহিলাৰ প্ৰসৱকালীন ছুটি ১২ সপ্তাহৰ পৰা ২৪ সপ্তাহলৈ বৃদ্ধি কৰা হ’ল।
First published: July 24, 2019, 10:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি