নিশাৰ ৰাজপথত অভিনেত্ৰী তথা সাংসদ মিমি চক্ৰবৰ্তীক হাৰাশাস্তি, টেক্সি চালকে দিলে অশ্লীল ইংগিত!

News18 Assam | News18-Assam
Updated:September 17, 2020, 3:53 PM IST
নিশাৰ ৰাজপথত অভিনেত্ৰী তথা সাংসদ মিমি চক্ৰবৰ্তীক হাৰাশাস্তি, টেক্সি চালকে দিলে অশ্লীল ইংগিত!
Source-Google

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে অভিযুক্ত টেক্সি ড্ৰাইভাৰক

  • News18 Assam
  • Last Updated: September 17, 2020, 3:53 PM IST
  • Share this:
নিশাৰ আন্ধাৰত অভিনেত্ৰী তথা লোকসভাৰ সাংসদ ৰাজপথত টেক্সি ড্ৰাইভাৰে কৰিলে হাৰাশাস্তি। জীমৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তে কলিকতাৰ ‘Ballygunge Phari’ অঞ্চলত অভিনেত্ৰী মিমি চক্ৰবৰ্তীক অসত্‍ ইংগিত দিয়ে টেক্সি চালকজনে।

অভিনেত্ৰীগৰাকীক উদ্দেশ্যি বিভিন্ন আপত্তিজনক মন্তব্যও কৰে টেক্সি চালকজনে। প্ৰথম অৱস্থাত অভিনেত্ৰী তথা সাংসদগৰাকীয়ে বিশেষ গুৰুত্ব দিয়া নাছিল যদিও, অভিনেত্ৰীগৰাকীৰ গাড়ীক আগভেটি ধৰি টেক্সি ড্ৰাইভাৰ জনে পুনৰ অসভ্যালি কৰে।



‘মই যেতিয়া গাড়ীৰে গৈ আছিলো, তেতিয়া দেখিছিলো যে, এজন টেক্সি ড্ৰাইভাৰে মোক বিভিন্ন ধৰণৰ আপত্তিজনক কথা কোৱাৰ লগতে অশ্লীল ইংগিত প্ৰদান কৰিছে। প্ৰথমে কথাটো মই বিশেষ গুৰুত্ব দিয়া নাছিলো। কিন্তু মোৰ গাড়ীখন আগভেটি ধৰি পুনৰ লোকজনে অসত্‍ আচৰণ কৰে। তেতিয়া মই ভাবিলো যে, এইবাৰো যদি মই গুৰুত্ব নিদিও, তেন্তে লোকজনৰ টেক্সিত যাত্ৰা কৰাৰ সময়ত অন্য যুৱতী মহিলাই একে সমস্যাত পৰিব। নিশা লোকজনৰ টেক্সিত মহিলা সুৰক্ষিত নহ’ব। ’ এনেদৰে নিজৰ ষ্টেটমেণ্টত কয় অভিনেত্ৰী তথা লোকসভাৰ সাংসদগৰাকীয়ে।



মিমিয়ে গৰিয়াহাট আৰক্ষী চকীত ড্ৰাইভাৰজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পিছত সোমবাৰে টেক্সি ড্ৰাইভাৰ জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। অভিযুক্ত ড্ৰাইভাৰজনৰ নাম লক্ষ্মণ যাদৱ বুলি জানিব পৰা গৈছে।
Published by: Himangshu Bhuyan
First published: September 17, 2020, 3:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading