মই এজন সমকামী, এতিয়া কি হ’ব?

News18 Assam | News18-Assam
Updated:February 7, 2020, 8:47 PM IST
মই এজন সমকামী, এতিয়া কি হ’ব?
সমাজত সমকামীতাক লৈ আজিও নানান মত বিৰাজমান।

সমাজত সমকামীতাক লৈ আজিও নানান মত বিৰাজমান।

  • Share this:
সমকামী সম্পৰ্কক লৈ নিৰ্মাণ কৰা আয়ুষ্মান খুৰানাৰ আগন্তুক ছবি শুভ মংগল জ্যাদা সাৱধানক লৈ সমগ্ৰ দেশত চৰ্চা চলি থকাৰ সময়তে এইখন দেশৰে লাখ লাখ লোকে নিজৰ যৌনতা আৰু সম্পৰ্কৰ অন্য পৰিচয়ক লৈ দ্বিধাবোধত আক্ৰান্ত হৈছে। ২০১৮চনৰ ছেপ্তেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে সমলৈংগিক সম্পৰ্কক অপৰাধ গণ্য কৰা ধাৰা ৩৭৭খাৰিজ কৰাৰ পিছতো সমাজত এতিয়াও সমকামীতাক মুক্ত হস্তেৰে স্বাগতম জনোৱা নহয়।

এটি শিশুৱে যদি পুৰুষৰ জননাংগ লৈ জন্ম হৈছে তেতিয়াহ’লে শিশুটোক ল’ৰা আৰু যদিহে যোনীৰ সৈতে জন্ম হৈছে তেনেহ’লে ছোৱালী বুলি সমাজে ধৰি লয়। প্ৰজননগত দিশত জৰিত হৈ থকাৰ কাৰণে সমগ্ৰ বিশ্বত মূলতঃ পুৰুষ আৰু মহিলা এই দুই লিংগৰ লোকৰে ভৰি থকাৰ কথা মানি লোৱা হৈছে। কিন্তু মানুহৰ যৌনতা এক বৃহৎ আৰু সামগ্ৰিক ক্ষেত্ৰৰ সন্মিলন আৰু সকলো মানুহক এই দুই গোটত বিভক্ত কৰিব নোৱাৰি। এই নিৰ্ধাৰিত ক্ষেত্ৰৰ বাহিৰতো মানুহে সংগী আৰু প্ৰেম বিচাৰি লয়। YouGov–এ সম্পন্ন কৰা এক জৰীপত কোৱা হৈছে যে ১৮শতাংশ লোকে টিণ্ডাৰ আৰু অকে কিউপিডৰ দৰে ডেটিং এপ ব্যৱহাৰ কৰিছে আৰু ১৬শতাংশ লোকে কৈছে যে তেওঁলোকে LGBTQIA+ গোটৰ কাৰণে নিৰ্মিত এপ যেনে গ্ৰিণ্ডাৰৰ জৰিয়তে সমলিংগীয় সংগী বিচাৰিছে। বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ আৰু সমলিংগীয় লোকৰ প্ৰতি আকৰ্ষণৰ বাহিৰেও আন কেতবোৰ দিশেৰে সম্পৰ্কক জোখা হয়, বাইচেক্সুৱেল/বাইৰ’মেনটিকঃযিসকলে পুৰুষ আৰু মহিলা উভয়ৰে প্ৰতি আকৰ্ষিত হয়।

পেনচেক্সুৱেল/পেন’ৰ’মেনটিকঃ যিজনে তৃতীয় লিংগ সহ প্ৰতিটো লিংগৰ প্ৰতি আকৃষ্ট হয়।

এচেক্সুৱলে/এৰ’মেনটিকঃযিসকলৰ কাৰোৰে প্ৰতি যৌনতা বা প্ৰেমজনিত অনুভৱ নিচেই কম বা নাথাকে।

চেক্সুৱেলী/ৰোমাণ্টিকেলী ফ্লুইডঃ সময়ৰ সৈতে যাৰ যৌনতা সলনি হয়।

কুইৰ (Queer): এই সংজ্ঞাৰে বহুতক সামৰি লোৱা হৈছে। প্ৰতিটো লিংগৰ সংখ্যালঘূসকলক এই সংজ্ঞাৰে বুজোৱা হয়।

ষ্ট্ৰেইট বা বিপৰীত লিংগৰ প্ৰতি আকৰ্ষিত বুজোৱা শব্দটো সাধাৰণতে LGBTQIA+ সম্প্ৰদায়ৰ বাহিৰৰ বুলি ভাৰতত ধাৰণা কৰা হয়। কামসূত্ৰত এটা সম্পূৰ্ণ অধ্যায়ত তীব্ৰ সমকামী আচৰণক বৰ্ণোৱা হৈছে আনহাতে খাজুৰাহোৰ মন্দিৰত তুলি ধৰা হৈছে পুৰুষ আৰু মহিলাৰ গোপন অংগৰ সৈতে প্ৰতিমূৰ্তি। যৌনতাক ভাৰতীয় পৰম্পৰাক ইমান মুকলিকৈ তুলি ধৰাৰ পিছতো ভাৰতীয় যুৱপ্ৰজন্মই যদিহে সমাজে প্ৰত্যাশা কৰা ধৰণে বিপৰীত লিংগৰ প্ৰতি আকৰ্ষিত নহয় তেনেহ’লে অসহজ অনুভৱ কৰে। “বয়ঃসন্ধি কালত মই পুৰুষৰ প্ৰতি কেতিয়াও আকৰ্ষিত হোৱা নাছিলো। যেতিয়া পুৰুষে মোৰ প্ৰতি আগ্ৰহ দেখুৱাইছিল তেতিয়াও মোৰ একো হোৱা নাছিল। মোৰ আকৰ্ষণৰ সকলো কেন্দ্ৰবিন্দু আন ছোৱালী বা নায়িকাৰ প্ৰতিহে আছিল। ১৮বছৰ বয়সত কলেজৰ হোষ্টেলত মই আৱিষ্কাৰ কৰিলো যে মোৰ দৰে আন ছোৱালীও আছে। মই এগৰাকী সংগী পালো। তেওঁ মোৰ জ্যেষ্ঠ আছিল আৰু বহু কথাই জানিছিল। মোৰ পৰিয়ালে এইবিষয়ে নাজানে। মই মাক কওঁতে তেওঁ গ্ৰহণ কৰিবলৈ সাজু নহ’ল। মই এতিয়া কাম কৰো, এগৰাকী স্থায়ী সংগী আছে কিন্তু বাহিৰৰ জগতৰ কাৰণে আমি মাত্ৰ দম্পত্তি নহয় ‘ৰূমমেট’হে। আশা কৰো এইবোৰ কেতিয়াবা সলনি হ’ব। ফেচবুকৰ Hertrystদৰে গোট আমাৰ সম্প্ৰদায়ৰ কাৰণে ভাল।” – ৰাচি, ২৪, মেক আপ আৰ্টিষ্ট, ৰাঁচী।

সমকামী সম্পৰ্কক ভাৰতৰ সচৰাচৰ চিন্তাধাৰাত একঘেয়ামী দিশেৰে গ্ৰহণ কৰা হৈছে। এইক্ষেত্ৰত আগভাগ লৈছে বলিউডেও। সমকামী লোকক হেয় প্ৰতিপন্ন কৰা হৈছে কৰণ জোহৰৰ দৰে পৰিচালকৰ হিট ছবি ‘দোস্তানা’ত। এনে ধৰণৰ অন্যায় চিন্তাধাৰা আৰু নীচ মানসিকতাৰ কাৰণে সমকামী ব্যক্তিসকলে ঘৰ আৰু সমাজৰ পৰা পাবলগীয়া সন্মান লাভ কৰা নাই। এনে ধৰণৰ জটিলতাক বুজাবলৈ এগৰাকী ‘কুইৰ’ ব্যক্তিৰ জীৱন সংগ্ৰামেই যথেষ্ট। নিজৰ পৰিয়ালৰ মুখামুখি হ’বলৈ এতিয়াও সাহস গোটাব নোৱাৰা ব্যক্তিজনে কয়, “যেতিয়া মই ১৭বছৰীয়া আছিলো আৰু সমকামী বুলি নিশ্চিত হৈছিলো একমাত্ৰ মোৰ ভাল বন্ধুজনৰ বাহিৰে আন কাকো কোৱা নাছিলো। ১২–১৩বছৰীয়া থাকোত মই গুগলত পুৰুষৰ নগ্ন ছবি চাই উত্তেজিত হৈছিলো আৰু ধৰি লৈছিলো যে সেয়া একেবাৰে স্বাভাৱিক কথা। মই এখন ডাঙৰ চহৰত ভৱিষ্যতে থাকিব বিচাৰো। ইয়াত কথাবোৰ সহজ নহয়। ” ইব্ৰাহিম, ২০, ছাত্ৰ, গোৱালিয়াৰ।

মই ‘কুইৰ’ হয় নে নহয়?

এই কথা জানিবলৈ কোনো কুইজত অংশ ল’ব নালাগে। এই প্ৰশ্নৰ কোনো নিৰ্দিষ্ট উত্তৰ নাই। আটাইতকৈ প্ৰথম আৰু গুৰুত্বপূৰ্ণ কথাটো জানিবলৈ প্ৰথমে নিজৰ যৌনতাৰ প্ৰাধান্যৰ বিষয়ে জানি লওক। তিনিটা কথাত গুৰুত্ব দিয়ক, আপোনাৰ মতে যৌনতা কি? ৰোমান্স, প্ৰেম আৰু যৌন সম্পৰ্কজনিত দিশবোৰক লৈ আপুনি কি অনুভৱ কৰে? প্ৰথমে নিজৰ যৌনতাৰ পৰিচয় জানি লৈ আনবোৰ কথা বিবেচনা কৰিব লাগিব। কথাবোৰ সলনি হৈছে কিন্তু প্ৰথমে আপুনি নিজেই চুকৰ পৰা ওলাই আহিব লাগিব আৰু যেতিয়াই এনে কৰোতে সুৰক্ষিত অনুভৱ কৰিব তেতিয়া বুজি উঠিব যে প্ৰেম সকলো কথাৰ উৰ্ধত!

(লেখিকা পূজা প্ৰিয়ম্বদা অনলাইন প্লেটফ’ৰ্ম Redwombৰ নিয়মীয়া লেখিকা।)
আৰু চাওক
পৰৱৰ্তী বাতৰি